/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c684f39f-106e-4895-87d9-7ff59fca98c7/FOOD.jpg)
৮১ কোটি জনতাই লাভ কৰিব বিনামূলীয়া খাদ্য শস্য
ডিজিটেল ডেস্কঃ এবছৰৰ বাবে ৮১ কোটি লোকে লাভ কৰিব বিনামূলীয়া খাদ্য শস্য।শুকুৰবাৰে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ ৮১ কোটি হিতাধিকাৰীক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, ঘেঁহুৰ বাবে ২টকা আৰু প্ৰতি কিলোগ্ৰাম চাউলৰ বাবে ৩টকা পৰিশোধ কৰিবলগীয়া হিতাধিকাৰীৰ পৰিয়ালে পৰৱৰ্তী এবছৰৰ বাবে ৩৫ কিলোগ্ৰাম খাদ্য শস্য বিনামূলীয়াকৈ পাব। আনহাতে বাকীসকলে অহা বৰ্ষৰ ডিচেম্বৰ লৈকে এমাহত বিনামূলীয়াকৈ ৫ কিলোগ্ৰাম খাদ্য শস্য লাভ কৰিব। কেন্দ্ৰই আঁচনিখনৰ বাবে ২ লাখ কোটি টকা ধাৰ্য কৰা বুলি জানিবলৈ দিয়ে।