গণতন্ত্ৰৰ মহাৰজত জয়ন্তীৰ নিমন্ত্ৰণী পত্ৰত শিল্প-কলাৰ বৰ্ণাঢ্য সমাহাৰ

সমাগত গণতন্ত্ৰ দিৱস। এইবাৰ দেশে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱসৰ এই মহাৰজত জয়ন্তীক লৈ স্বাভাৱিকতে ব্যস্ত হৈ আছে ৰাইছিনা হিলছ।

author-image
Asomiya Pratidin
New Update
গণতন্ত্ৰৰ মহাৰজত জয়ন্তীৰ নিমন্ত্ৰণী পত্ৰত শিল্প-কলাৰ বৰ্ণাঢ্য সমাহাৰ  

ডিজিটেল ডেস্কঃ সমাগত গণতন্ত্ৰ দিৱস। এইবাৰ দেশে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱসৰ এই মহাৰজত জয়ন্তীক লৈ স্বাভাৱিকতে ব্যস্ত হৈ আছে ৰাইছিনা হিলছ।

Advertisment

পূৰ্বতকৈ যাতে এইবাৰ গণতন্ত্ৰ দিৱস ব্যতিক্ৰম হয় তাৰ বাবে চলিছে প্ৰস্তুতি। ইতিমধ্যে গণতন্ত্ৰ দিৱসৰ বাবে ৰাইছিনা হিলছে সাজু কৰি উলিয়াইছে নিমন্ত্ৰণী পত্ৰ। এই নিমন্ত্ৰণী পত্ৰতে ৰাইছিনা হিলছে এইবাৰ গণতন্ত্ৰ দিৱস কিমান ব্যক্তিক্ৰম হ’ব তাৰ এক পূৰ্বাভাস দিবলৈ সক্ষম হৈছে।

প্ৰাচীন সভ্যতাৰ পৰা আজিৰ আধুনিক সময়লৈকে দেশে যি উন্নয়ন সাধিলে, যিমান দূৰ আগবাঢ়ি গ’ল তাৰ সমানে সমানে খোজ দিবলৈ সক্ষম হৈছে দাক্ষিণাত্যই। দেশৰ আন প্ৰান্ততকৈ বহু ক্ষেত্ৰত পৃথক আৰু আগবঢ়া দাক্ষিণাত্য।

কেৱল সিমানেই নহয়, প্ৰাকৃতিক সৌন্দৰ্য আৰু শিল্পকলাৰ ক্ষেত্ৰতে বিন্ধ্যা পৰ্বতৰ ওপৰত থাকে দেশবাসীৰ দৃষ্টি। সেয়ে এইবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গণতন্ত্ৰ দিৱসৰ নিমন্ত্ৰণী পত্ৰত দাক্ষিণাত্যৰ সংস্কৃতিকে গুৰুত্ব দিছে।

দাক্ষিণাত্যৰ শিল্প, সংস্কৃতিৰ সমাহাৰেৰে তৈয়াৰ কৰা হৈছে এই বিশেষ নিমন্ত্ৰণী পত্ৰ। এই নিমন্ত্ৰণী পত্ৰই এতিয়া দেশ, বিদেশৰ আমন্ত্ৰিত ব্যক্তিসকলৰ কাষলৈ প্ৰেৰণ কৰা হৈছে। 

এই নিমন্ত্ৰী পত্ৰৰ সৌন্দৰ্য দেখি নিমন্ত্ৰিত ব্যক্তিসকলো অভিভূত হৈছে। এই নিমন্ত্ৰণী পত্ৰক লৈ আৰম্ভ হৈছে চৰ্চাও। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণী প্ৰেৰণ কৰি আহিছে ৰাইছিনা হিলছে।

পূৰ্বে এই নিমন্ত্ৰণী পত্ৰৰ ওপৰত থাকে কেৱল এটা অশোক চক্ৰ খোদিত খাম। কিন্তু এইবাৰ গণতন্ত্ৰ দিৱসে ৭৫ বছৰত ভৰি দিয়াত এই নিমন্ত্ৰণী পত্ৰ বিশেষ ৰূপত তৈয়াৰ কৰা হৈছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নেচনেল ইনষ্টিটিউট অফ ফেচন ডিজাইনলৈ নিজেই এই নিমন্ত্ৰণী পত্ৰ বিশেষ ভাৱে তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে। তেওঁ নিমন্ত্ৰী পত্ৰখনত দাক্ষিণাত্য শিল্প-কলাক অগ্ৰাধিকাৰ দিবলৈয়ো অনুৰোধ জনাইছিল।

সেই অনুসৰিয়েই এই প্ৰতিষ্ঠানখনে তৈয়াৰ কৰিছে এই বিশেষ নিমন্ত্ৰণী পত্ৰ। জানিব পৰা মতে তামিলনাডু, কেৰালা, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ এই পাঁচখন ৰাজ্যৰ চিত্ৰ আৰু স্থাপত্য কলাৰ আৰ্হিত তৈয়াৰ কৰা হৈছে নিমন্ত্ৰণী পত্ৰখন।

নিমন্ত্ৰণী পত্ৰখন বেট আৰু বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা এটা বিশেষ বক্সত প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণী পত্ৰখন। এই বক্সৰ ওপৰত অন্ধ্ৰপ্ৰদেশৰ বিখ্যাত কালমকাৰি নক্সাৰ কাৰুকাৰ্য কৰা হৈছে।

ভিতৰত আছে তেলেংগানাৰ ইক্কাত-পোচাম্পল্লী কাপোৰত মেৰিয়াই থোৱা আছে এটা ফাইল। আৰু আছে তামিলনাডুৰ কাঞ্জীভাৰাম ৰেচমৰ এটা পটুৱা, কৰ্ণাটকৰ বিখ্যাত গেঞ্জিফা পেইণ্টিঙৰে অংকিত ৰেফিজেৰেটৰ মেগনেট। তাৰোপৰি আছে আন বহু উপহাৰ। কেৰালাৰ প্ৰাকৃতিক সম্পদ স্ক্ৰুপিন পাতৰ এখন বুকমাৰ্ক আৰু অন্ধ্ৰ প্ৰদেশৰ এযোৰ ইটিকোপাক্কা পুতলাও আছে এই নিমন্ত্ৰণি পত্ৰৰ বক্সত।

এনে এক অপৰূপ সৌন্দৰ্যৰে পৰিপূৰ্ণ নিমন্ত্ৰণি পত্ৰ দেখি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে অতিথিসকল। উল্লেখ্যে যে, বৈদেশিক পৰিক্ৰমা বিভাগে জনোৱা অনুসৰি এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ৰিপাব্লিক অফ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি এইছ ই প্ৰেবও ছুবিয়ান্টো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

ৰাষ্ট্ৰপতি ভৱন গণতন্ত্ৰ দিৱস দ্ৰৌপদী মুৰ্মু