নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত মুকলি কৰা হ'ব বিশেষ ৭৫ টকীয়া মুদ্ৰা

নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত মুকলি কৰা হ'ব বিশেষ ৭৫ টকীয়া মুদ্ৰা

ডিজিটেল ডেস্কঃ ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন। এই সংসদ ভৱন উদ্বোধনৰ সময়ত এক বিশেষ ৭৫ টকীয়া মুদ্ৰা মুকলি কৰা হব। বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ে জনাই এই কথা।

মুদ্ৰাটোৰ এটা পিঠিত অশোত স্তম্ভৰ সিংহ থাকিব, লগতে লিখা থাকিব-সত্যমেৱ জয়তে। বাঁওফালে 'ভাৰত' শব্দটো দেৱানগৰী লিপিত লিখা থাকিব। সোঁফালে ইংৰাজীত 'ইণ্ডিয়া' বুলি লিখা থাকিব।

মুদ্ৰাটোত টকাৰ চিহ্নও থাকিব লগতে ৭৫ লিখা থাকিব। মুদ্ৰাটোৰ আনটো ফালে সংসদ চৌহদৰ এখন ছবি দেখুওৱা হ'ব। মুদ্ৰাটোৰ ওপৰৰ ফালে দেৱনাগৰী লিপিত "সংসদ চানকুল" আৰু তলৰ ফালে ইংৰাজীত "সংসদ কমপ্লেক্স" ত লিখা থাকিব।

জানিব পৰা মতে মুদ্ৰাটোৰ ওজন প্ৰায় ৩৫ গ্ৰাম হ'ব য'ত ৫০ শতাংশ ৰূপ, ৫০ শতাংশ কপাৰ আৰু ৫-৫ শতাংশ নিকল আৰু জিংক ধাতু থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in