নৱেম্বৰলৈকে দেশত ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন...

যোৱা নৱেম্বৰলৈকে সমগ্ৰ দেশত প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে। সোমবাৰে সংসদত দিয়া তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত ২৯ নৱেম্বৰলৈকে প্ৰায় ৭.৩ মিলিয়ন স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
নৱেম্বৰলৈকে দেশত ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন...

ডিজিটেল ডেস্কঃ যোৱা নৱেম্বৰলৈকে সমগ্ৰ দেশত প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে। সোমবাৰে সংসদত দিয়া তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত ২৯ নৱেম্বৰলৈকে প্ৰায় ৭.৩ মিলিয়ন স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে। অৱশ্যে ১১ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত এই পৰ্যন্ত স্মাৰ্ট মিটাৰ সংযোগ কৰা হোৱা নাই।

Advertisment

২০২১ চনৰ জুলাই মাহত আৰম্ভ কৰা পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনিৰ (আৰ ডি এছ এছ) অধীনত ২০২৫ চনৰ মাৰ্চমাহৰ ভিতৰত প্ৰায় ২৫০ মিলিয়ন স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰিব লাগিব। তথ্য অনুসৰি ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যলৈ প্ৰায় ১৯.৭৯ কোটি স্মাৰ্ট মিটাৰ অনুমোদন জনোৱা হৈছে আৰু ৭২.৯৭ লাখ ডিভাইচ স্থাপন কৰা হৈছে। 

ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত এইসমূহ তথ্য দাঙি ধৰিছে শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ নাইকে। মন্ত্ৰীজনে উল্লেখ কৰা তথ্য অনুসৰি, তামিলনাডু, ত্ৰিপুৰা, ৰাজস্থান আৰু পঞ্জাৱৰ দৰে ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন কৰা হোৱা নাই। এই ৰাজ্যসমূহৰ ভিতৰত তামিলনাডুলৈ ৩ কোটি, ত্ৰিপুৰালৈ ৫.৪৭ লাখ, ৰাজস্থানলৈ ১.৪২ লাখ আৰু পঞ্জাৱলৈ ৮৭.৮৪ লাখ সঁজুলি অনুমোদন জনোৱা হৈছে।

স্মাৰ্ট মিটাৰ স্থাপন নকৰা আন ৰাজ্যবোৰ হৈছে নাগালেণ্ড, মেঘালয়, মিজোৰাম, ঝাৰখণ্ড, কেৰালা, অৰুণাচল প্ৰদেশ আৰু গোৱা। তথ্য অনুসৰি ২৯ নৱেম্বৰলৈকে আন্দামান আৰু নিকোবৰ আৰু পুডুচেৰীতো স্মাৰ্ট মিটাৰ স্থাপনৰ সংখ্যা শূন্য দেখুওৱা হৈছে। দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ক্ৰমে ৮৩,৫৭৩ আৰু ৪.০৩ লাখ স্মাৰ্ট মিটাৰ অনুমোদন জনোৱা হৈছে।

অসমত ২৯ নৱেম্বৰলৈকে, অনুমোদিত ৬৩.৬৪ লাখ স্মাৰ্ট মিটাৰৰ বিপৰীতে সৰ্বাধিক ২২.৮৯ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে।বিহাৰত ২৩.৫০ লাখ অনুমোদিত স্মাৰ্ট মিটাৰৰ বিপৰীতে ১৯.৩৯ লাখ ডিভাইচ স্থাপন কৰা হৈছে। মধ্য প্ৰদেশত ১.২৯ কোটি অনুমোদিত স্মাৰ্ট মিটাৰৰ বিপৰীতে মাত্ৰ ১০.১৩ লাখ মিটাৰ স্থাপন কৰা হৈছে।

সেইদৰে  উত্তৰ প্ৰদেশত ২.৬৯ কোটি অনুমোদিত স্মাৰ্ট মিটাৰৰ বিপৰীতে ৩.৭৯ লাখ স্মাৰ্ট মিটাৰহে স্থাপন কৰা হৈছে। উত্তৰাখণ্ডলৈ মুঠ ১৫.৮৭ লাখ স্মাৰ্ট মিটাৰ অনুমোদিত হোৱাৰ বিপৰীতে স্থাপন কৰাৰ সংখ্যা তেনেই সীমিত। 

 

ৰাজ্যসভা স্মাৰ্ট মিটাৰ শীতকালীন অধিৱেশন