/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6221e206-9595-4b0f-90f6-e55478268fd4/pune_17.jpg)
লোহাৰ হৰ্ডিং বাগৰি ৪ মহিলাসহ ৭ গৰাকীৰ মৃত্যু...
ডিজিটেল ডেস্কঃ লোহাৰ হৰ্ডিং বাগৰি ৭ জন লোকৰ মৃত্যু। এই কৰুণ ঘটনা সংঘটিত হৈছে পুনেত।
সোমবাৰে পুনেৰ পিম্প্ৰি চিঞ্চৱাডাত সংঘটিত হোৱা এই ঘটনাত ৭ জন লোকৰ মৃত্যুৰ উপৰিও ২ জন লোক গুৰুতৰ ভাৱে আহত হৈ চিকিৎধীন অৱস্থাত আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তীব্ৰ বতাহৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
মৃত ৭ গৰাকী লোকৰ ভিতৰত আছিল ৪ গৰাকী মহিলা। এইসকলো লোকেই হৰ্ডিঙৰ তলত থিয় হৈ আছিল।
Also Read: ক'ত হেৰাইছিল জিতুল সোণোৱাল...