ভাইজানৰ ঘৰত গুলীবৰ্ষণৰ ঘটনাৰে জড়িত ষষ্ঠজন অভিযুক্তক গ্ৰেপ্তাৰ

মুম্বাই অপৰাধ শাখাই লৰেন্স বিষ্ণোই গোটৰ আন এজন সদস্যক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰে

author-image
Asomiya Pratidin
New Update
ভাইজানৰ ঘৰত গুলীবৰ্ষণৰ ঘটনাৰে জড়িত ষষ্ঠজন অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক :  বলিউদৰ অভিনেতা তথা ভাইজান চালমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ ওচৰত গুলীবৰ্ষণ কৰা ঘটনাৰে জড়িত আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মুম্বাই অপৰাধ শাখাই লৰেন্স বিষ্ণোই গোটৰ আন এজন সদস্যক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

Advertisment

হাৰিয়ানাৰ ফতেহাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তগৰাকীৰ নাম হৈছে হৰপাল সিং (৩৪)। সোমবাৰে সন্ধিয়া মুম্বাই অপৰাধ শাখাৰ এটা দলে তেওঁৰ গৃহচহৰ ফাতেহাবাদত গোপন অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

ধৃত হৰপাল সিঙক মঙলবাৰে পুৱতি নিশাই মুম্বাইলৈ অনা হৈছে। লগতে আজি দিনৰভাগত আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে ভাষ্য প্ৰদান কৰে।

উল্লেখযোগ্য যে উক্ত ঘটনাৰে জড়িতসকলৰ মাজত এইগৰাকী ষষ্ঠগৰাকী অভিযুক্ত। ইয়াৰ পূৰ্বে বিকাশ আলিয়াছ বিকি চাহাব গুপ্তা(২৪) আৰু সাগৰ শ্ৰীযোগেন্দ্ৰ পাল(২১) নামৰ দুুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

Also Read: ভাইজানৰ ঘৰত গুলীবৰ্ষণ কাণ্ড : ২ দুৰ্বৃত্তক গ্ৰেপ্তাৰ

Salman Khan firing case salman khan