২০০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰত-চীন সীমান্তলৈ নিৰ্মাণ হ'ব ৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ...

২০০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰত-চীন সীমান্তলৈ নিৰ্মাণ হ'ব ৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ ঘাটিয়াবাগাৰ-লিপুলেখ পথত বুন্দি আৰু গৰবিয়াঙৰ মাজত ৬ কিলোমিটাৰ দৈৰ্ঘৰ এটা সুৰংগ নিৰ্মাণ হ'ব। এই সুৰংগৰ ফলত ভাৰত-চীন সীমান্তৰ লিপুলেখপাছৰ অন্তিম সীমান্ত চৌকিলৈ যোৱাত সহজ হ'ব।

সুৰংগটোৰ কামৰ দায়িত্ব এটিনোক ইণ্ডিয়া কনচালটেন্টক প্ৰদান কৰা হৈছে। কোম্পানীটোৱে জৰীপৰ কাম আৰম্ভ কৰিছে আৰু এবছৰৰ ভিতৰত ইয়াৰ চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব।

২,০০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো চাৰি-পাঁচ বছৰৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱণা আছে। সীমান্ত পথ সংস্থাৰ (বিআৰঅ') বিষয়াই জনোৱা অনুসৰি, ২০২০ চনত আৰম্ভ কৰা সীমান্ত পথটো বৰ্তমান দুই লেনৰ।

২০০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰত-চীন সীমান্তলৈ নিৰ্মাণ হ'ব ৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ...
বজ্ৰপাত, শিলাবৃষ্টি, ধুমুহাৰ সম্ভাৱণা! 'হালধীয়া' এলাৰ্ট জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in