/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ea5770ba-8817-4cfb-8328-522b0241b728/0006.jpg)
ডিজিটেল সংবাদ,মৰিয়নি : নকছাৰী মহাবিদ্যালয়ত কাব্য গ্ৰন্থ উন্মোচন কৰা হয়।মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগতা আদৰণি অনুষ্ঠানৰ লগত সংগতি বৃহস্পতিবাৰে কবি-সাহিত্যিক প্ৰয়াত মুনীন বৰুৱাৰ সৃষ্টিৰাজীৰ একত্ৰ সংকলন "প্ৰজন্মৰ বাবে" শীৰ্ষক এখনি কাব্যগ্ৰন্থখন উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ,সুৰকাৰ তথা ধেমাজি জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত অজিত কুমাৰ বৰদলৈয়ে। উল্লেখ্য যে কাব্যগ্ৰন্থখন সম্পাদনা কৰিছে নকছাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা মুনীন বৰুৱাৰ বোৱাৰী গীতাঞ্জলি বৰাই।
মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ড০কুমুদ ঘোষে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ,বিশিষ্ট কবি ৰঞ্জিত গগৈকে ধৰি কেইবাগৰাকী কবি, সাহিত্যিক, শিক্ষাবিদ উপস্থিত থাকে। গ্ৰন্থউন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত মুনীন বৰুৱাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি দেবেন্দ্ৰনাথ বৰাই।
কাব্যগ্ৰন্থখন উন্মোচন কৰি উন্মোচক অজিত কুমাৰ বৰদলৈয়ে কবি সাহিত্যিক প্ৰয়াত মুনীন বৰুৱাৰ সৃষ্টিৰাজীৰ বিষয়ে আলোচনা কৰে। প্ৰয়াত মুনীন বৰুৱাই একেধাৰে কবিতা, গীত-নৃত্যৰ চৰ্চা কৰি অসমীয়া সাহিত্য আৰু সাংস্কৃতিক দিশত যথেষ্ট অৱদান আগবঢ়াই যোৱা বুলি উল্লেখ কৰে।
লগতে কয় যে, এগৰাকী প্ৰচাৰ বিমুখ সাহিত্যিকৰ সৃষ্টিৰাজী নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ বাবে তেওঁৰ বোৱাৰী গীতাঞ্জলী বৰাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। উক্ত অনুষ্ঠানতে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° মণিকা গগৈয়ে তেওঁৰ গৱেষণা কাৰ্য সফলতাৰে সম্পন্ন কৰা বাবে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগ তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Also Read: উফ্ ধেমাজি ! আকৌ 'বিস্ফোৰণ'...