ন্যায়পালিকাত কোনে দিছে হেঁচা? ৬০০ অধিবক্তাৰ পত্ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ

ন্যায়পালিকাত কোনে দিছে হেঁচা? ৬০০ অধিবক্তাৰ পত্ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ

ডিজিটেল ডেস্কঃ জ্য়েষ্ঠ অধিবক্তা হৰীশ ছাবলেসহ দেশৰ ৬০০ তকৈ অধিক অধিবক্তাই এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ। ন্যায়পালিকাৰ ওপৰত সংকট আহি পৰাৰ আশংকা কৰি এই পত্ৰ প্ৰেৰণ কৰিছে অধিবক্তাসকলে।

পত্ৰ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে হৰীষ ছাবলে, চেতন মিট্টল, পিংকী আনন্দ, হিতেশ জৈন, মনন কুমাৰ মিশ্ৰা আদি। পত্ৰখনত ন্যায়পালিকাৰ ওপৰত এটা নিৰ্দিষ্ট গোটৰ চাপ আৰু ন্যায়পালিকাৰ অখণ্ডতা হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে।

পত্ৰত উল্লেখ কৰিছে যে, এটা গোটে ন্যায়িক সিদ্ধান্তত প্ৰভাৱিত কৰিবলৈ চাপ প্ৰয়োগ কৰি আহিছে। বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তি আৰু দুৰ্নীতিত লিপ্ত থকাসকলৰ পৰা এনে চাপ বেছি আহিছে।

পত্ৰত কয়, এই গোটটোৱে এনে ধৰণৰ বিবৃতি দিয়ে যি সঁচা নহয়। এয়া কেৱল তেওঁলোকে ৰাজনৈতিক লাভালাভৰ বাবে কৰে। পত্ৰখনত অধিবক্তাসকলে ন্যায়পালিকাৰ সোণালী যুগ' সম্পৰ্কে মিছা কাহিনী প্ৰচাৰ কৰাকে ধৰি এনে কেইবাটাও পদ্ধতিৰ ওপৰত আলোকপাত কৰিছে।

পত্ৰখনত উল্লেখ কৰিছেঃ

  • ন্যায়পালিকাক প্ৰভাৱিত কৰিবলৈ আৰু আদালতক বদনাম কৰাৰ বাবে অধিবক্তাৰ এটা গোটে চেষ্টা চলাই আহিছে।

  • গোটটোৱে বৰ্তমানৰ আদালতৰ প্ৰক্ৰিয়াত ন্যায়পালিকাৰ অতীতৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰি জনসাধাৰণৰ বিশ্বাস হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

  • •অভিযোগবোৰৰ ভিতৰত আছে 'বেঞ্চ ফিক্সিং', ঘৰুৱা আদালতৰ অপমানজনক তুলনা আৰু অৰাজক নিয়মৰ দ্বাৰা ৰায় দিয়া আদালত আৰু ন্যায়াধীশসকলৰ মৰ্যাদাৰ ওপৰত পোনপটীয়া আক্ৰমণ।

  • এইবোৰ ৰাজনৈতিক উদ্দেশ্য থকা বুলি উল্লেখ কৰে পত্ৰখনত।

  • ন্যায়িক নিযুক্তি আৰু ফলাফলপ্ৰভাৱিত কৰিবলৈ আৰু মিছা তথ্য প্ৰচাৰ কৰিবলৈ গোপন কৌশলব্যৱহাৰ কৰা।

  • ২০১৮-১৯ চনতো অনুৰূপ ঘটনা সংঘটিত হৈছিল।

এই পত্ৰৰ জৰিয়তে গণতন্ত্ৰক সুৰক্ষা কৰিবলৈ আহ্বান জনায়। লগতে এনে গোটবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায়।

ন্যায়পালিকাত কোনে দিছে হেঁচা? ৬০০ অধিবক্তাৰ পত্ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ
বিজেপিত যোগদান আদিবাসী ছাত্ৰ সন্থাৰ ৬ গৰাকী বিষয়-ববীয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in