প্ৰথমবাৰৰ বাবে ভোটধিকাৰ সাব্যস্ত অক্ষয় কুমাৰৰঃ অন্য তাৰকাসকলেও কৰিলে ভোটদান..

প্ৰথমবাৰৰ বাবে ভোটধিকাৰ সাব্যস্ত অক্ষয় কুমাৰৰঃ অন্য তাৰকাসকলেও কৰিলে ভোটদান..

author-image
Asomiya Pratidin
New Update
প্ৰথমবাৰৰ বাবে ভোটধিকাৰ সাব্যস্ত অক্ষয় কুমাৰৰঃ অন্য তাৰকাসকলেও কৰিলে ভোটদান..

ডিজিটেল ডেস্কঃ পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশকে ধৰি ৬খন ৰাজ্যৰ ৪৯টা সমষ্টিৰ লগতে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদান চলি আছে।

Advertisment

ইতিমধ্যে মুম্বাইৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে কেবাগৰাকী বলীউডৰ তাৰকা। সোমবাৰে পুৱা মুম্বাইৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত শাৰী পাতি থিয় হৈ থকা দেখা গ'ল অক্ষয় কুমাৰ আৰু ফাৰহান আখতাৰক।

ভোটদানৰ বাবে মুম্বাইৰ জুহুৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় অক্ষয় কুমাৰ। ভোটদান কৰাৰ পিছত ‘বদে মিয়ান ছোটে মিয়ান’ৰ তাৰকা অক্ষয় কুমাৰে সংবাদ মাধ্যমক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ সন্মুখত পোজ দিয়ে।

আনহাতে মুম্বাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ'ল অভিনেতা ফাৰহান আখতাৰ আৰু পৰিচালক জয়া আখতাৰক। ভোটদানৰ পিছত ফাৰহান আখতাৰ আৰু পৰিচালক জয়া আখতাৰে আঙুলি দেখুৱাই সংবাদ মাধ্যমৰ সন্মুখত পোজ দিয়ে। লগতে ৰাইজক ভোট দিবলৈ আহ্বান জনায়।

মুম্বাইৰ জুহুৰ গান্ধীগ্ৰাম স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰবীণ অভিনেত্ৰী শুভা খোটে। সমান্তৰালকৈ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত মতদান সাব্যস্ত কৰিলে চলচিত্ৰ নিৰ্মাতা কৰণ জোহৰ,ধৰ্মেন্দ্ৰ,হেমা মালিনী,গোবিন্দ,চাহিদ কাপুৰ, ৰাজকুমাৰ ৰাও,জাহ্নবী কাপুৰ,পুজা ভট্ট, মহেশ ভট্টৰ লগতে কেবাগৰাকী বলিউড তাৰকাই।

Also Read: জম্মু-কাশ্মীৰৰ বাৰামুল্লাত পুৱা ৯ বজালৈ ৭.৬৩ শতাংশ ভোটদান..

celebraty voting 5th phase voting india akshay kumar farhan akhtar