/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ebb24431-739e-4ba4-8c03-f70707c061c3/11.jpg)
ডিজিটেল ডেস্কঃ দেশত নিৰ্মাণ হ'ব বিশ্বমানৰ সুবিধৈৰে সম্বলিত অত্যাধুনিক ৰে'ল ষ্টেচন। অত্যাধুনিক হোৱাৰ দিশে দেশৰ কেইবাটাও ৰে'লৱে ষ্টেচন। বিমান বন্দৰ সদৃশ হোৱাৰ দিশে দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে'লৱে ষ্টেচন। ভাৰতীয় ৰে'লৱে ব্যৱস্থাত উন্নীত কৰণৰ ক্ষেত্ৰত ৰে'লৱে বিভাগে লৈছে বিশেষ পদক্ষেপ। অমৃত ভাৰত আঁচনিৰ অধীনত দেশৰ মুঠ ৫৫৪ টা ৰে'লৱে ষ্টেচনে অত্যাধুনিক ৰূপ।
২৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী শিলান্যাস কৰিব ষ্টেচনসমূহৰ। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত বিশ্বমানৰ ১৬ টা ষ্টেচন নিৰ্মাণ কৰা হ'ব । অসমত নিৰ্মাণ হ'বলগীয়া দুটা ষ্টেচন ক্ৰমে কামাখ্যা আৰু শিলচৰ ষ্টেচন । আনহাতে এন এফ আৰৰ অধীনত ২৩ টা ষ্টেচনে পাব অত্যাধুনিক ৰূপ। অসমৰ মুঠ ১১ টা ষ্টেচন এই অত্যাধুনিকৰণৰ তালিকাত স্থান পাইছে। এই ষ্টেচনসমূহ ক্ৰমে হয়বৰ গাওঁ, গহপুৰ, হাৰমতি, মাজবাট, ওদালগুৰি, পাঠশালা, টংলা, বিশ্বনাথ চাৰিআলি, মুৰ্কংচেলেক, উত্তৰ লখিমপুৰ আৰু চিলাপথাৰ ষ্টেচন। অসমৰ এইসমূহ ষ্টেচনৰ লগতে উত্তৰ-পূৱৰ ত্ৰিপুৰা আগৰতলা ষ্টেচন, মিজোৰাম চাইৰাং ষ্টেচন, ছিকিমৰ ৰংপ ষ্টেচনেও পাব এই অত্যাধুনিক ৰূপ।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত অসমত ১০০% বৈদুত্যিক ৰেল চলাৰ সম্ভাৱনা প্ৰকাশ কৰে এন এফ আৰে । ভাৰতৰ ৰূপৰেখা স্বৰূপ ৰেল সেৱাৰ অত্যাধুনিক আন্তঃগাঠঁনিয়ে যাত্ৰীসকলক পূৰ্বতকৈ অধিক সা-সুবিধা প্ৰদানৰ লগতে ৰে'লৱে সেৱাক এক নতুনত্ব প্ৰদান কৰাৰ আশা কৰিছে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰে ।
Also Read: ভ্ৰাম্যমান জগতৰ বিশিষ্ট কৌতুক অভিনেতা গজেন চৌধুৰীৰ মৃত্যু