/asomiyapratidin/media/media_files/2025/02/18/q0DxIKVvoAZg7TL3OTbm.jpg)
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লী দখল কৰি আনন্দত আত্মহাৰা হৈ পৰিছে গেৰুৱা শিবিৰ। ১৬ বছৰৰ পাছত দিল্লীৰ ক্ষমতা নিজৰ হাতলৈ নিবলৈ সক্ষম হোৱা বিজেপিয়ে সেয়ে শপতগ্ৰহণ অনুষ্ঠান জাক জমকিয়া কৰি তোলাৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰিব বিচৰা নাই।
২০ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৪ বজাত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ প্ৰায় ৫০ জনকৈ তাৰকাক নিমন্ত্ৰণ জনাইছে বিজেপিয়ে। বলিউড তাৰকা অক্ষয় কুমাৰ, বিবেক অবেৰয়, হেমা মালিনী, কৈলাশ খেৰ আছে এই তাৰকাৰ তালিকাত। কৈলাশ খেৰে এই অনুষ্ঠানত সংগীত পৰিবেশন কৰাৰ কথা।
জনপ্ৰিয় সংগীত শিল্পীৰ উপৰিও আন বহু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে এই শপতগ্ৰহণ অনুষ্ঠানত। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে সকলো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।
প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ গৌতম আদানী, মুকেশ আম্বানীৰ দৰে পুঁজিপতিও এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। তাৰোপৰি আমন্ত্ৰিত উদ্যোগপতিৰ তালিকাত আছে বাবা ৰামদেৱো। উল্লেখ্য যে, ৭০ খন আসনৰ দিল্লী বিধানসভাত ৪৮ খন আসনেই বিজেপিয়ে দখল কৰি ক্ষমতা দখল কৰিছে। ইয়াৰ বিপৰীতে আপে দখল কৰিছে মাত্ৰ ২২ খন আসন।
এই নিৰ্বাচনত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল, মনিশ চিছোদিয়াৰ দৰে আপৰ শক্তিশালী নেতা। এনে বৃহত বিজয়ৰেৰে দিল্লীলৈ ২৬ বছৰৰ পাছত ঘূৰি আহিছে বিজেপি। অৱশ্যে এতিয়ালৈকে দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ঘোষণা কৰা নাই বিজেপিয়ে। তথাপিও শপতগ্ৰহণৰ অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলি আছে।
জানিব পৰা মতে ২০ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে আন আন মন্ত্ৰীসকলেও শপতগ্ৰহণ কৰিব। চৰ্চা অনুসৰি মুখ্যমন্ত্ৰী হিচাপে সৰ্বাধিক চৰ্চাত আছে অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা নতুন দিল্লী সমষ্টিৰ বিধায়ক প্ৰবেশ বাৰ্মা। তাৰোপৰি চৰ্চাত আছে সতীশ উপাধ্যায়, বীৰেন্দ্ৰ সচদেও আদিও। প্ৰকাশিত খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিচাপে মুঠ ১৫ জন বিধায়কৰ এক পেনেল প্ৰস্তুত কৰা হৈছে। ইয়াৰ পৰাই এজনৰ নাম চূড়ান্ত কৰা হ’ব। সেইদৰে বিধাসভাৰ অধ্যক্ষৰ বাবে মুঠ ৯ টা নাম তালিকাভুক্ত কৰা হৈছে। তাৰ পৰাই এজনৰ নাম চূড়ান্ত কৰা হ’ব।