শোকাৱহ পথ দুৰ্ঘটনাত নৱ বিবাহিত দম্পত্তিসহ ৫ জনৰ কৰুণ মৃত্যু...

শোকাৱহ পথ দুৰ্ঘটনাত নৱ বিবাহিত দম্পত্তিসহ ৫ জনৰ কৰুণ মৃত্যু...

author-image
Asomiya Pratidin
New Update
শোকাৱহ পথ দুৰ্ঘটনাত নৱ বিবাহিত দম্পত্তিসহ ৫ জনৰ কৰুণ মৃত্যু...

শোকাৱহ পথ দুৰ্ঘটনাত নৱ বিবাহিত দম্পত্তিসহ ৫ জনৰ কৰুণ মৃত্যু...

ডিজিটেল ডেস্কঃ সোমবাৰে ছত্তিশড়ৰ বলুদাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এখন চাৰি চকীয়া কাৰত আহি থকা নৱ বিবাহিত দম্পত্তিসহ মুঠ ৫ জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি এজন যুৱকৰ বিয়াৰ পৰা ঘূৰি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। বিপৰীত দিশৰ এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হৈছে। ঘটনাত নিহতসকলৰ ভিতৰত আছে নৱ বিবাহিত দম্পত্তি আৰু তেওঁলোকৰ আত্মীয়।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনত খুন্দা মাৰে। ইয়াৰ পাছতে সেই স্থানৰ পৰা পলায়ন কৰে ট্ৰাক চালকগৰাকীয়ে। ট্ৰাকখনত পামগড়ৰ পৰা আলকতৰা কঢ়িয়াই অনা হৈছিল।

তাৰ মাজতে পাকাৰিয়া বনাঞ্চলৰ কাষত এই দুৰ্ঘটনাৰ সন্মুখীন হয়। যিহেতু দুৰ্ঘটনা সংঘটিত হোৱা স্থান বনাঞ্চলৰ মাজত সেয়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু সময়লৈকে বাহনখনতে আৰোহীসকল আৱদ্ধ হৈ থাকিবলগীয়া হয়। ফলত ৫ জনকৈ লোকৰ মৃত্যু হয়।

আৰক্ষীয়ে পুনৰ কয়, সেই পথৰে চলাচল কৰা ট্ৰাকৰ চালকে এই দুৰ্ঘটনাৰ কথা তেওঁলোকক অৱগত কৰে। ইয়াৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়। এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে, দুৰ্ঘটনাৰ পাছত বাহনখনত জুইৰো সূত্ৰপাত হয়।

আৰক্ষীয়ে সেই জুই নিৰ্বাপিত কৰি আৱদ্ধহৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা চলায়। প্ৰথম অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত বাহনৰ দুৱাৰ কাটি তেওঁলোকক বাহিৰলৈ আনিবলগীয়া হৈছে।

Also Read: তিতাবৰ শিক্ষাখণ্ডৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি...

পথ দুৰ্ঘটনা