Advertisment

AB-PMJAY আঁচনিৰ সুবিধা লওক আপুনিওঃ ৫ লাখৰো অধিক লোকে কৰিলে আবেদন...

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) সম্প্ৰসাৰণৰ পাছত ৭০ বছৰৰ উৰ্ধ্বৰ প্ৰায় ৫ লাখ প্ৰবীণ নাগৰিকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। এই আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী মন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিত সকলোতকৈ বেছি আবেদন আহিছে মধ্যপ্ৰদেশৰ পৰা।

author-image
Asomiya Pratidin
New Update
৭০ বছৰ উৰ্ধ্বৰ নাগৰিকে শীঘ্ৰেই কৰক আবেদন

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) সম্প্ৰসাৰণৰ পাছত ৭০ বছৰৰ উৰ্ধ্বৰ প্ৰায় ৫ লাখ প্ৰবীণ নাগৰিকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। এই আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিত সকলোতকৈ বেছি আবেদন আহিছে মধ্যপ্ৰদেশৰ পৰা।

Advertisment

ৰাজ্যখনৰ পৰা মুঠ আবেদন আহিছে ১.৬৬ লাখ। তাৰ পাছতেই কেৰালাৰ পৰা ১.২৮ লাখ আৰু উত্তৰ প্ৰদেশৰ পৰা ৬৯,০৪৪ খন আবেদন আহিছে। মোডীৰ ৰাজ্য গুজৰাটৰ পৰা আহিছে ২৫,৪৯১ খন আবেদন। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুটা সপ্তাহৰ পূৰ্বে ৭০ বছৰৰ উৰ্ধ্বৰ সকলোকে এই স্বাস্থ্য বীমা আঁচনিত অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবে আয় বা অন্যান্য তেনে কোনো চৰ্ত বা বাধ্যবাধকতা আৰোপ কৰা হোৱা নাই।

ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি এই পৰ্যন্ত আঁচনিখনৰ বাবে ৫ লাখৰো অধিক আবেদন আহিছে। ইয়াৰ ভিতৰত ৪.৬৯ লাখ আবেদনেই অনুমোদন জনোৱা হৈছে।

আঁচনিখনৰ সম্প্ৰসাৰণৰ পূৰ্বে কেৱল মাত্ৰ দৰিদ্ৰ আৰু দুৰ্বল পৰিয়াল, কিছু বিশেষ শ্ৰেণীৰ কৰ্মী যেনে আশা কৰ্মী এই আঁচনিৰ আওঁতালৈ আহিছিল। এই আঁচনিৰ আওঁতাত প্ৰতি পৰিয়ালক বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা কভাৰেজ প্ৰদান কৰা হয়।

ইয়াৰ জৰিয়তে চিকিৎসালয়ত দ্বিতীয় আৰু তৃতীয় স্তৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই সন্দৰ্ভত এগৰাকী কৰ্তৃত্বশীল বিষয়াই কয় যে, আমি সকলো ৰাজ্যকে তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) উপকৰণ প্ৰদান কৰিছে।

তেওঁ কয়, যিমান এই তথ্য প্ৰচাৰ হ'ব সিমানেই আৰু অধিক প্ৰবীণ নাগৰিক এই আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলি আমি আশাবাদী। যিসকল এই ভাৰত ছিনিয়ন চিটিজেন স্কিমৰ বাবে যোগ্যে আৰু আবেদন কৰিব বিচাৰে তেওঁলোকে www.beneficiary.nha.gov.in ৱেবচাইট বা আয়ুষ্মান এপৰ জৰিয়তে আবেদন কৰিব পাৰিব।  

প্ৰধানমন্ত্ৰী চৰকাৰী আঁচনি