কাশ্মীৰত আজি ছহিদ হোৱা সেনাৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈঃ এতিয়াও অব্যাহত আছে সংঘৰ্ষ...

কাশ্মীৰত আজি ছহিদ হোৱা সেনাৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈঃ এতিয়াও অব্যাহত আছে সংঘৰ্ষ...

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ নিহত ২জন ভাৰতীয় সেনা, আহত বহুকেইজন...

কাশ্মীৰত আজি ছহিদ হোৱা সেনাৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈঃ এতিয়াও অব্যাহত আছে সংঘৰ্ষ...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলতা সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত ছহিদ হোৱা সেনাৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে। আজি পুৱা ৰাজৌৰী জিলাৰ কান্দিত তালাচীৰ সময়ত সংঘটিত হৈছিল এই আক্ৰমণ।

Advertisment

সন্ত্ৰাসবাদীয়ে সেনালৈ নিক্ষেপ কৰিছিল বোমা। ইয়াৰ পাছতে সন্ত্ৰাসবাদীৰে সেনা আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ আৰম্ভ হৈছিল। সমগ্ৰ অঞ্চলটো সেনা আৰু আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে।

দুয়ো পক্ষৰ মাজত এতিয়াও অব্যাহত আছে গুলীয়াগুলী। অঞ্চলটোত আৱদ্ধ হৈ পৰিছে সন্ত্ৰাসবাদীৰ দলটো। সেয়ে সংঘৰ্ষ জৰ্জৰ অঞ্চলটোলৈ অতিৰিক্ত পৰিমাণৰ সেনা প্ৰেৰণ কৰা হৈছে।

অৱশ্যে এই সংঘৰ্ষত সন্ত্ৰাসবাদী দলটোৰ কিমান পৰিমাণে ক্ষতি হৈছে সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই। উল্লেখ্য, যোৱা দুটা দিনত সেনা তথা নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে।

বৃহস্পতিবাৰে পুৱা বাৰামুলাত ২ জন লস্কৰ ই তৈবাৰ সদস্য নিহত হোৱাৰ বিপৰীতে বুধবাৰে পুৱা এল অ’ চিৰ কাষত আন ২ সন্ত্ৰাসবাদী নিহত হৈছিল।

Also Read: আমেৰিকাৰ চাকৰি এৰি আৰম্ভ কৰিছিল গাখীৰৰ ব্যৱসায়ঃ দৈনিক উপাৰ্জন ১৭ লাখ...

জম্মু কাশ্মীৰ