/asomiyapratidin/media/media_files/2025/02/07/RTHW7nyeJuiSrpOAohey.jpg)
ডিজিটেল ডেস্কঃ হাত, ভৰি শিকলিৰে বান্ধি ১০৪ ভাৰতীয় আমেৰিকাৰ চি-১৭ বিমানেৰে পঞ্জাৱত নমাই থৈ যোৱাৰ বিতৰ্ক শেষ হোৱাই নাই। আকৌ আমেৰিকাই ভাৰতলৈ ৪৮৭ গৰাকী অবৈধ প্ৰবজিতক প্ৰত্যৰ্পণৰ বাবে সাজু হৈছে।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাত ধৰা পৰা ভাৰতৰ অবৈধ প্ৰবজিত নাগৰিকৰ এটা দলক ভাৰতলৈ চূড়ান্ত অমানৱীয় ভাৱে প্ৰত্যৰ্পণ কৰিলে। কেৱল ভাৰতীয়ই নহয়, আন আন দেশৰ নাগৰিককো অনুৰূপ ধৰণে চূড়ান্ত অমানৱীয়ভাৱে প্ৰত্যৰ্পণ কৰিছে আমেৰিকাই।
ইয়াৰ বিৰুদ্ধে কলম্বিয়াৰ দৰে লেটিন আমেৰিকাৰ সৰু দেশে মুকলিকৈ মাত মতাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পক ফেপেৰি পাতি ধৰিছে, তাৰ বিপৰীতে ভাৰতে আমেৰিকাৰ এই কাৰ্যক অসহায়ভাৱে মান্যতাহে প্ৰদান কৰিছে। যাৰ বাবে দেশজুৰি বিতৰ্ক হোৱাৰ সমান্তৰালকৈ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোডী।
শুকুৰবাৰে এই বিষয়ত সাংবাদিকেৰে মেলত মিলিত হয় বিদেশ সচিব বিক্ৰম মিশ্ৰই। তেওঁ মেলত কয়, মাৰ্কিন প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে আমেৰিকাত বাস কৰা ৪৮৭ গৰাকী ভাৰতীয়ক প্ৰত্যৰ্পণৰ সিদ্ধান্ত লৈথে ট্ৰাম্প চৰকাৰে।
কেন্দ্ৰৰ দাবী দীৰ্ঘদিন ধৰি এই প্ৰক্ৰিয়া অব্যাহত আছে। আমি মাৰ্কিন প্ৰশাসনক স্পষ্টকৈ জনাইছো যিসকলক ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হৈছে তেওঁলোকৰ সৈতে কোনোধৰণৰ দুৰ্ব্যৱহাৰ যাতে কৰা নহয়। যদিহে কোনো ধৰণৰ দুৰ্য্ৰৱহাৰ কৰা হয় তেন্তে বিষয়টোক উচ্চ পৰ্যায়লৈ লৈ যোৱা হ’ব।
এই সন্দৰ্ভত বিক্ৰম মিশ্ৰই আৰু কয়,"বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কালি সংসদত বিষয়টো উত্থাপন কৰিছিল। এই ক্ষেত্ৰত ভাৰতে অসহযোগ কৰাৰ অভিযোগ আমি গ্ৰহণ নকৰো। কিন্তু আমাক এই আশ্বাস দিব লাগিব যে যিসকলক ভাৰতীয় হিচাপে বিতাড়িত কৰা হৈছে তেওঁলোক ভাৰতৰ নাগৰিক। কাৰণ ইয়াৰ সৈতে দেশৰ নিৰাপত্তা জড়িত হৈ আছে। আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিতাড়িত হোৱা লোকসকলৰ বিষয়ে তথ্য বিচাৰিছিলো। আমাক কোৱা হৈছিল যে ৪৮৭ জন লোকক ঘূৰাই পঠিওৱা হৈছে।”
মন কৰিবলগীয়া যে, ক্ষমতালৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্প চৰকাৰে আমেৰিকাত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকৰ নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লয়। বুধবাৰে, প্ৰথম পৰ্যায়ত ১০৪ জন ভাৰতীয়ক কঢ়িয়াই অনা এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান অমৃতসৰত অৱতৰণ কৰে।
এইসকল প্ৰবজিত ভাৰতীয়ক হাতত, ভৰিত শিকলি লগাই ভাৰতলৈ লৈ অনা হৈছিল। বিমানৰ পৰা নামি যোৱাৰ আগতে শিকলিবোৰ খুলি দিয়া হৈছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে বিৰোধীয়ে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদক কয় যে ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যোগাযোগ কৰি আছে যাতে নিৰ্বাসিত অবৈধ অনুপ্ৰৱেশকাৰীসকলক পুনৰ এনে দুৰ্ব্যৱহাৰ কৰা নহয়।’