/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c57a3b4a-5dc7-4c01-83d3-eee5af3f4645/AP_FOR_WEB_mla.jpg)
ডিজিটেল ডেস্কঃ এজনৰ পাছত আনএজন মন্ত্ৰী পৰিছে ইডিৰ জালত। এইবাৰ পুনৰ তামিলনাডুৰ এগৰাকী মন্ত্ৰীৰ বাসগৃহত চলিল ইডিৰ অভিযান।
ইডিয়ে তামিলনাডুৰ শিক্ষা মন্ত্ৰী কে পোনমুদি আৰু তেওঁৰ সাংসদ পুত্ৰ গৌতম চিগামণিৰ বাসগৃহৰ পৰা ৪১.৯ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। মানি লণ্ডাৰিং গোচৰত ইডিয়ে এই অভিযান চলাইছিল।
পোনমুদি ভিল্লুপুৰম জিলাৰ থিৰুক্কয়লুৰ বিধানসভা আসনৰ এজন বিধায়ক, আনহাতে তেওঁৰ ৪৯ বছৰীয়া পুত্ৰ গৌথাম চিগামণি কাল্লাকুৰিচি আসনক প্ৰতিনিধিত্ব কৰা সংসদ সদস্য।
ইডিয়ে ৭ টাকৈ স্থানত চলাইছিল অভিযান। অবৈধ বালি খনন সম্পৰ্কীয় ধনৰ কেলেংকাৰীত এই অভিযান চলিছিল। পোনমুদিক চেন্নাইৰ ইডি কাৰ্যালয়লৈ অনা হৈছিল আৰু আঠ ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল।তাৰমাজতে মঙলবাৰে আবেলি ৪ বজাত সংস্থাৰ কাৰ্যালয়ত মন্ত্ৰী পোনমুদিক পুনৰ সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল।
Also Read: মহানগৰীত পুনৰ ফুটিল পানী যোগান আঁচনিৰ পাইপ