বিদ্যালয়তেই যৌন উৎপীড়নৰ বলি হ'ল ৪ বছৰীয়া নিষ্পাপ শিশু

author-image
Asomiya Pratidin
New Update
বিদ্যালয়তেই যৌন উৎপীড়নৰ বলি হ'ল ৪ বছৰীয়া নিষ্পাপ শিশু

ডিজিটেল ডেস্ক : দিল্লীৰ চুলতানপুৰীত সংঘটিত হ'ল এক লোমহৰ্ষক অপৰাধ । চুলতানপুৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত ৪ বছৰীয়া এক নিষ্পাপ শিশু বলি হ'ল ৪৩ বছৰীয়া পিয়নৰ কামনাৰ । শিশুটিৰ মাতৃৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট পিয়নক ।

Advertisment

উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত পূৰ্বৰে পৰাই এনেধৰণৰ যৌন উৎপীড়নৰ ঘটনাৰ পৰিসংখ্যা সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বাধিক আছিল যদিও শেহতীয়াকৈ এই পৰিসংখ্যা পুনৰাই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আনহাতে, শিশুটিৰ মাতৃৰ অভিযোগ অনুসৰি, শিশুটিয়ে বিদ্যালয়খনত খেলি থকা অৱস্থাত এনে পাষৱিক কাণ্ড সংঘটিত কৰিছিল পিয়নজনে । পৰৱৰ্তী সময়ত শিশুটিয়ে মাতৃৰ সন্মুখত সমগ্ৰ ঘটনা বৰ্ণনা কৰাত মাতৃয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰে । ইতিমধ্যে চৰকাৰী চিকিৎসালয়ত শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰি এই অপৰাধ সম্পৰ্কে নিশ্চিত হয় আৰক্ষীও ।

স্মৰ্তব্য যে, শিশুটিয়ে বিদ্যালয়খনত ১ মে'ত নামভৰ্তি কৰিছিল আৰু কেৱল ১১ দিনতেই অৰ্থাৎ ১১ মে'ত এই অপৰাধ সংঘটিত হোৱা ঘটনাই পুনৰ এবাৰ সূচালে যে কি কন্যা হওক অথবা কি বৃদ্ধা, নাৰী সকল কতোৱেই সুৰক্ষিত নহয় আজিৰ সমাজত । কিয়নো বাসগৃহৰ পাছত শিশু এটিৰ বাবে সকলোতকৈ সুৰক্ষিত স্থান বুলি ভবা হয় বিদ্যালয়কেই । তেনেস্থলত বিদ্যালয়তেই তেনে ঘটনা সংঘটিত হ'লে শিশুসকলৰ মন-মগজুত ই কেনে এক প্ৰভাৱ পেলাব সি অকল্পনীয় ।

delhi police