/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/rape-1.jpg)
ডিজিটেল ডেস্ক: লক্ষ্ণৌত এখন আশ্ৰমত এগৰাকী ৫৫ বছৰীয়া মহিলাক চাৰিজন লোকে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে এই বিষয়ে পোহৰলৈ আহে।
মহিলা গৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে আশ্ৰমৰ চাৰিজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। গোমতীনগৰ আৰক্ষী থানাই জনোৱা অনুসৰি মহিলাগৰাকী প্ৰয়াগ ৰাজৰ কাৰ্ছানাৰ বাসিন্দা আৰু তেওঁ আশ্ৰমত বাস কৰে।
মহিলা গৰাকীয়ে অভিযোগ কৰিছিল যে ৪ অক্টোবৰত মহিলা গৰাকীক নিচাজাতীয় দ্ৰব্য সেৱ কৰাইছিল। তাৰ পাছতেই তেওঁক ৪ জনে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ উত্থাপন কৰা লোক কেইজন ক্ৰমে- দুৰ্ভাছা, ছোটে মাউনী, বাৰহে মাউনী, মনমোহন। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।