প্ৰযুক্তিৰ চহৰত মানুহৰ মনবোৰো হৈ পৰিল যন্ত্ৰঃ ৩ বছৰীয়া শিশুৰ দেহৰ ওপৰে চলিল SUV, দেখিও নেদেখিলে কোনেও...

প্ৰযুক্তিৰ চহৰত মানুহৰ মনবোৰো হৈ পৰিল যন্ত্ৰঃ ৩ বছৰীয়া শিশুৰ দেহৰ ওপৰে চলিল SUV, দেখিও নেদেখিলে কোনেও...
প্ৰযুক্তিৰ চহৰত মানুহৰ মনবোৰো হৈ পৰিল যন্ত্ৰঃ ৩ বছৰীয়া শিশুৰ দেহৰ ওপৰে চলিল SUV, দেখিও নেদেখিলে কোনেও...

ডিজিটেল ডেস্কঃ তিনি বছৰীয়া এটি শিশু। এপাৰ্টমেণ্টৰ সন্মুখত নিজৰ মাজতে বিভোৰ হৈ খেলাত ব্যস্ত। কোন আহিছে, কোন গৈছে তালৈ নাই কোনো ভ্ৰুক্ষেপ। তাৰ মাজতেই এফালৰ পৰা আহিছে এখন বগা ৰঙৰ এছ ইউ ভি বাহন। বাহনখন চলাইছে প্ৰাপ্ত বয়স্ক এজন চালকে। এই বাহনখনেই নিজৰ মাজত বিভোৰ হৈ খেলি থকা শিশুটোৰ বাবে আহিল কাল হৈ।

মুহূৰ্ততে তাইক খুন্দা মাৰি এছ ইউ ভিখন সেই স্থানৰ পৰা আঁতৰি গ'ল। তাৰ পাছৰ কাহিনী আৰু কৰুণ। এছ ইউ ভিৰ খুন্দাত ৩ বছৰীয়া শিশুটো সেই স্থানতে কিছু সময়লৈকে ছটফটাই পৰি থাকিল। বহু লোকে সেই দৃশ্য দেখিলে যদিও নেদেখাৰ ভাও ধৰিলে।

যেন ক'তো একো হোৱাই নাই। কোনেও একো দেখায়েই নাই। বহু লোক তাইৰ সেই অকমাণি ৰক্তৰে ৰঞ্জিত দেহৰ কাষেদিয়েই আঁতৰি গ'ল। মুহূৰ্ততে সকলো হৈ পৰিল মুকবধিৰ। হঠাৎ যেন মানুহবোৰ হৈ পৰিল একোটা যন্ত্ৰ।

এই যান্ত্ৰিক মানুহবোৰৰ দেহত নাছিল হৃদয়। নাছিল মানৱীয়তা। মানৱ সমাজক কলংকিত কৰা এই ঘটনা সংঘটিত হৈছে তথ্য প্ৰযুক্তিৰ ৰাজধানী হিচাপে পৰিচিত বেংগালুৰুত।

প্ৰযুক্তিৰ হেঁচাত যেন এই চহৰৰ মানুহবোৰো হৈ পৰিছে যন্ত্ৰ সদৃশ। চি চি টিভি কেমেৰাত আৱদ্ধ এই সমগ্ৰ ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যি দৃশ্য দেখি বহুতৰে গা শিঁয়ৰি উঠিছে।

জানিব পৰা মতে এই ঘটনাৰ স্থান বেংগালুৰুৰ বেলান্দুৰৰ এটা এপাৰ্টমেণ্টৰ। এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱা শিশুটিৰ নাম আৰ্বিনা। চি চি টিভি ফুটেজত দেখা গৈছে এটা এপাৰ্টমেণ্টৰ সন্মুখৰ চোতালত খেলি আছে আৰ্বিনা নামৰ ৩ বছৰীয়া কন্যা শিশুটিয়ে।

তাৰ মাজতে বেচমেণ্টৰ পৰা ওলাই আহিছে এখন এছ ইউ ভি বাহন। এই বাহনখনে আৰ্বিনাক খুন্দা মাৰিছে। তাৰ পিছত আৰ্বিনাৰ দেহৰ ওপৰত এছ ইউ ভিখনৰ পিছফালৰ এটা চকাও উঠাই গাড়ীখন নিজৰ গন্তব্য স্থান অভিমুখে ৰাওনা হৈছে।

যেন একো হোৱাই নাই। ঘটনাস্থলীতে কিছুসময় হাত ভৰি জোকাৰি থাকিল আৰ্বিনা নামৰ এই শিশুটিয়ে। সেই সময়তে কেইজনমান লোক এপাৰ্টমেণ্টৰ ভিতৰলৈ সোমাই আহিছে। তেওঁলোকে আৰ্বিনাক সেই অৱস্থাত দেখিও নেদেখাৰ দৰে আচৰণ কৰি সেই স্থানৰ পৰা আঁতৰি গৈছে।

তেনেকৈয়ে কিছু সময় থাকি আৰ্বিনাই প্ৰাণ ত্যাগ কৰিলে। অৱশ্যে কিছু সময়ৰ পাছত আৰ্বিনাক পৰিয়ালৰ লোকে কাষৰীয়া হাস্পতাললৈ লৈ গৈছিল। হাস্পতালত আৰ্বিনাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়।

জানিব পৰা মতে আৰ্বিনাৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল। তাৰ বাবেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অস্বাভাৱিক হত্যাৰ গোচৰ ৰুজু কৰিছে। এই কাণ্ড সংঘটিত কৰা এছ ইউ ভিখন সেই একেটা এপাৰ্টমেণ্টৰ বাসিন্দাৰ বাহন। বাহনখনৰ চালকজন আছিল বাহনখনৰেই গৰাকী। কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই সেই হত্যাকাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in