/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2f0c49de-ec18-4024-a05a-f2c9b3a034fb/UTTAR_2.jpg)
উত্তৰ প্ৰদেশত ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ২৭ জনৰ মৃত্যুঃ ১০০ জনতকৈ অধিক আহত
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰাজ্যখনৰ হাথৰসত এক ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ২৭ জনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে।
ঘটনা সন্দৰ্ভত এছ এছ পি ৰাজেশ কুমাৰ সিঙে কয় যে, এক অতি কৰুণ ঘটনা সংঘটিত হৈছে। হাথৰস জিলাৰ ছিকান্দ্ৰৰাউৰ কাষৰ মোগলগড়ী গাঁৱত চলি থকা এক শিৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা লোকৰ মাজত পদপিষ্ট গৈ বহু লোকৰ মৃত্যু হৈছে।
তেওঁ পুনৰ কয় যে, এই পৰ্যন্ত ইটাহ চিকিৎসালয়ত ২৭ টা মৃতদেহ লাভ কৰিছোঁ। যাৰ ভিতৰত ২৩ টা মৃতদেহেই মহিলাৰ। বাকী ৩ টা শিশুৰ আৰু এটা পুৰুষৰ।
আনহাতে ৰাজ্যখনৰ এগৰাকী শীৰ্ষ বিষয়া ওমেশ কুমানৰ ত্ৰিপাঠীয়ে কয় যে, এতিয়ালৈকে ২৭ টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। যাৰ ভিতৰত ২৫ গৰাকী মহিলা, দুজন পুৰুষ আছে। বহু আহতক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ পাছত অধিক তথ্য প্ৰকাশ কৰিব পাৰিম।
তেওঁ কোৱা মতে প্ৰাথমিকভাৱে ধৰ্মীয় অনুষ্ঠানটোত দৌৰাদৌৰিৰ বাবে এই ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যম এক্সত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক টুইট কৰি এই ঘটনাত মৃতকৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে। তেওঁ জিলা প্ৰশাসন, বিষয়াসকলক আহতসকলৰ ততকালীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰোপৰি আগ্ৰাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু আলিগড়ৰ আয়ুক্তৰ নেতৃত্বত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।
जनपद हाथरस की दुर्भाग्यपूर्ण दुर्घटना में हुई जनहानि अत्यंत दुःखद एवं हृदय विदारक है।
मेरी संवेदनाएं शोक संतप्त परिजनों के साथ हैं।
संबंधित अधिकारियों को राहत एवं बचाव कार्यों के युद्ध स्तर पर संचालन और घायलों के समुचित उपचार हेतु निर्देश दिए हैं।
उत्तर प्रदेश सरकार में मा.…— Yogi Adityanath (@myogiadityanath) July 2, 2024
Also Read: বিধায়ক দিগন্ত কলিতাৰ বাবেই বিয়া নোহোৱাকৈ থাকি যাব এখন গাঁৱৰ ছোৱালী !