/asomiyapratidin/media/media_files/2025/04/09/9N2VlibvAV8WlZB969Ua.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে ছত্তীশগড়ৰ দন্তেৱাড়াত তিনিজন কামাণ্ডাৰসহ ২৬টা মাওবাদীয়ে কেন্দ্ৰীয় বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত মঙলবাৰেও বিজাপুৰত পুনৰ ২২ গৰাকী মাওবাদী নেতা কৰ্মীয়ে মূলসুঁতিলৈ ঘূৰি আহে।আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ চি পি আই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পি এল জি এ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মী)ৰ বাষ্টাৰ বিভাগত সক্ৰিয় বিভিন্ন গোটৰ এই নেতা-কৰ্মীসকলৰ মূৰৰ দাম ২৬ লাখ টকাতকৈও অধিক।
তেওঁলোকৰ আত্মসমৰ্পণে নিৰাপত্তা বাহিনীক অতিৰিক্ত মনোবল প্ৰদান কৰিব বুলি দাবী কৰিছে বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে। ১৯ জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশাত যৌথ বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে।
ইতিমধ্যে সেই তিনিখন ৰাজ্যত সংঘৰ্ষত দুশৰো অধিক মাওবাদী নিহত হৈছে। নিহতসকলৰ তালিকাত আছে মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলিপতি। আত্মসমৰ্পণ কৰিছে নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষেনজীৰ ভনীয়েক বিমলাই।
তেওঁৰ স্বামী মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেক ওৰফে ছনু নিষিদ্ধ সংগঠন চি পি আই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। মাওবাদীসকলক পুনৰ মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে ২০২০ চনৰ জুন মাহত ছত্তীশগড়ত আৰম্ভ কৰা হৈছিল ‘ঘৰলৈ উভতি অহা’ কাৰ্যসূচী। শেহতীয়াকৈ ছত্তীশগড়ত একে উদ্দেশ্যৰে ‘নিয়া নৰ নিয়া পুলিচ’ (আমাৰ গাঁও, আমাৰ পুলিচ) আৰু ‘নিয়াদ নেল্লানৰ’ (আপোনাৰ সুন্দৰ গাঁও) অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।
এই কাৰ্যসূচীৰ ফলত আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ১০০০ মাওবাদীয়ে অস্ত্ৰ-শস্ত্ৰ এৰি থৈ চৰকাৰৰ পুনৰ্বাসন প্ৰক্ৰিয়াত যোগদান কৰিছে। বিজাপুৰৰ অধীক্ষক জিতেন্দ্ৰই কয়, "মাওবাদীসকল তেওঁলোকৰ শূন্য আৰু অমানৱীয় মতাদৰ্শৰ প্ৰতি মোহভংগ হৈছে। সেইবাবেই এই আত্মসমৰ্পণ।"