বিজেপি মুক্ত ভাৰতৰ প্ৰস্তুতি ! অসংগঠিত বিৰোধী...

সকলোৰে চকু প্ৰধানমন্ত্ৰীৰ আসনলৈ...

author-image
Asomiya Pratidin
New Update
বিজেপি মুক্ত ভাৰতৰ প্ৰস্তুতি ! অসংগঠিত বিৰোধী...

pm candidate pm candidate

ডিজিটেল ডেস্কঃ কংগ্ৰেছ মুক্ত ভাৰত নহয় এইবাৰ বিজেপি মুক্ত ভাৰতৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধী পক্ষই। ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ একত্ৰিত হৈছে বাঘা বাঘা বিৰোধী নেতা। বিজেপিৰ সংগ ত্যাগ কৰি আৰ জে ডি, কংগ্ৰেছৰ সমৰ্থনত বিহাৰত চৰকাৰ গঠন কৰা নীতিশ কুমাৰে এই ক্ষেত্ৰত লৈছে আগভাগ।

Advertisment

ইতিমধ্যে দিল্লী ভ্ৰমণ কৰি বিৰোধী ৰাজনৈতিক নেতাক সাক্ষাত কৰি বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা নীতিশ কুমাৰে শীঘ্ৰেই কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীকো সাক্ষাত কৰাৰ কথা প্ৰকাশ পাইছে। অৱশ্যে ইতিমধ্যে নীতিশ কুমাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সাক্ষাত কৰি পৰৱৰ্তী পদক্ষেপৰ বাবে আলোচনা কৰিছে।

ইফালে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সমাজবাদী পাৰ্টীৰ অখিলেখ সিং যাদৱ, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শাৰদ পাৱাৰ, নীতিশ কুমাৰে একেলগে বিজেপিক ১০০ খন আসনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব বুলিও হুংকাৰ দিছে। এই উদ্দেশ্যে নীতিশ কুমাৰে যিদৰে বিজেপি বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনেদৰে মমতা বেনাৰ্জীয়েও তেওঁৰ ফালৰ পৰাও প্ৰেচেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে বিজেপি বিৰোধী মিত্ৰজোঁটৰ বাবে দিল্লী আৰু পঞ্জাৱত শাসনাধিস্ত আপে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। আনহাতে কংগ্ৰেছো এই মিত্ৰজোঁটৰ অংশীদাৰ হ'বনে নাই সেই বিষয়ে স্পষ্ট কোনো ইংগিত পোৱা নাই। মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ বিপৰীতে কংগ্ৰেছে নিজাকৈ প্ৰস্তুত কৰিছে কিছু ৰণনীতি।

ইফালে বিৰোধী মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত নীতিশ কুমাৰে বিৰোধী ৰাজনৈতিক দল আৰু কংগ্ৰেছ নেতৃত্বক সাক্ষাত কৰাৰ বিষয়ত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে, দেশৰ বিৰোধী পক্ষক একত্ৰীকৰণৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অৱশ্যে নীতিশ কুমাৰ, মমতা বেনাৰ্জীৰ দৰে ৰাজনৈতিক নেতাৰ বিৰোধী একত্ৰীকৰণৰ যি পদক্ষেপ সেই পদক্ষে কিমান ফলপ্ৰসু হ'ব সেয়া সময়হে ক'ব। কিয়নো মাত্ৰ কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতেই বিৰোধীয়ে প্ৰক্ষেপ কৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক বহু বিৰোধী দল তথা সদস্যই ভোট দিয়াৰ পৰা বিৰত আছিল।

একেই দৃশ্য দেখা পোৱা গৈছিল ২০১৯ ৰ লোকসভা নিৰ্বাচনত। সেইবাৰ বিৰোধীয়ে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী মহাজোঁট গঠন কৰিছিল যদিও সময়ত সেই মহাজোঁট বিফল হৈছিল। বিৰোধী দলসমূহৰ মাজত থকা মতবিৰোধ তথা ক্ষমতা দখলৰ হাবিয়াসে বিজেপিক এক্সট্ৰা মাইলেজ প্ৰদান কৰিছিল।

আনহাতে ২০২৪ ত বিজেপিয়ে নৰেন্দ্ৰ মোডীকেই প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে প্ৰচাৰ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী শিবিৰে ঐক্যবদ্ধ ভাৱে এজন নেতা নিৰ্বাচনত কিমানদূৰ সফল হ'ব সেয়া সন্দেহৰ বিষয়। বিহাৰৰ মুখ্য়মন্ত্ৰীৰ নীতিশ কুমাৰ, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দুয়োৱে এতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে।

ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও ২০২৪ ত ক্ষমতা দখলৰ আশাত আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। এই যাত্ৰাৰ জৰিয়তে কংগ্ৰেছৰ হেৰুওৱা জনপ্ৰিয়তা উভতাই অনাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দেখিছে একেই সপোন।

পঞ্জাৱ দখলৰ পিছত এতিয়া গুজৰাটত চৰকাৰ গঠনৰ বাবে প্ৰেচেষ্টাচলোৱা কেজৰিৱালে মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ বিপৰীতে নিজকে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে।

এনে প্ৰেক্ষাপটত নীতিশ কুমাৰ, মমতা বেনাৰ্জী,কংগ্ৰেছৰ নতুন ৰণনীতিয়ে কিদৰে কাম কৰিব সেয়া হ'ব লক্ষণীয়।

arvindkejriwal sonia gandhi rahul gandhi nia bjp mamta banerjee congress 2024 general election