লালকিল্লা আক্ৰমণত জড়িত মহম্মদ আৰিফৰ মৃত্যুদণ্ড বাহাল উচ্চতম ন্যায়ালয়ৰ...

Lal Qila
Lal Qila

ডিজিটেল ডেস্কঃ লালকিল্লা আক্ৰমণ কৰা সন্ত্ৰাসবাদী মহম্মদ আৰিফৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ২০০০ চনৰ ২০ ডিচেম্বৰত লালকিল্লা আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য মহম্মদ আৰিফ।

আৰিফে তেওঁক ইতিমধ্যে ন্যায়ালয়ে যি মৃত্যুদণ্ডৰ ৰায় শুনাইছিল সেই ৰায় পুনৰ বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল। এই আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় বাহাল ৰখাৰ সিদ্ধান্তক কথা ঘোষণা কৰে।

ন্যায়ালয়ে স্পষ্ট কৰে যে, মহম্মদ আৰিফে কৰা অপৰাধন অক্ষমণীয় আৰু তেওঁৰ অপৰাধ ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে শাস্তি হ্ৰাস কৰা নহ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in