সমুদ্ৰ পথেৰে ভাৰতলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জব্দ ২০০ কিলোগ্ৰাম আফগানী হেৰোইন...

সমুদ্ৰ পথেৰে ভাৰতলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জব্দ ২০০ কিলোগ্ৰাম আফগানী হেৰোইন...

ডিজিটেল ডেস্ক : কোচি উপকূলৰ পৰা নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰোৱে শুক্ৰবাৰে জব্দ কৰে ২০০ কিলোগ্ৰাম আফগানী হেৰোইন । ইয়াৰ সৈতেই গ্ৰেপ্তাৰ কৰা হয় ৬ জনকৈ ইৰানিয়ান ড্ৰাগছ সৰবৰাহকাৰীক । মাছ মৰা নাৱত থকা পাত্ৰ সমূহত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি লুকুৱাই অনা হৈছিল বুলি জানিবলৈ দিছে নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰোৱে ।

এই সন্দৰ্ভত, এন চি বিয়ে কৰা আনুষ্ঠানিক ঘোষণা অনুসৰি, বিগত কিছু বছৰত বৃদ্ধি পাইছে আৰৱিয়ান সাগৰ আৰু ভাৰত মহাসাগৰৰ জৰিয়তে ভাৰতলৈ অহা ড্ৰাগছৰ পৰিমাণ ।

আনহাতে, ভাৰতীয় জল সেনাৰ সৈতে চলোৱা এই যুটিয়া অভিযানত আটক হোৱা সৰবৰাহকাৰী কেইজনৰ স্বীকাৰোক্তি অনুসৰি তাৰ পাছত শ্ৰীলংকা লৈ নিয়াৰ পৰিকল্পনা আছিল ড্ৰাগছখিনি । পাকিস্তানৰ পৰা আহি ভাৰতীয় জল সীমা হৈ শ্ৰীলংকা লৈ সৰবৰাহ কৰা হ'ল হয় ড্ৰাগছখিনি কিন্তু তাৰ পূৰ্বেই গ্ৰেপ্তাৰ হ'ল এন ছি বিৰ হাতত । ২০০ টা পেকেটত বিভক্ত ড্ৰাগছখিনিৰ প্ৰত্যেকটো পেকেটৰ ওজন আছিল ১ কিলোগ্ৰামকৈ । আৰু ইয়াৰে কিছু পেকেটত 'বৃশ্চিক' আৰু আন পেকেট সমূহত 'ড্ৰেগন'ৰ চিহ্ন অংকন কৰা আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in