/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8dd56624-c39b-4c66-b97a-154fd99eb2d5/AP_FOR_WEB_murder.jpg)
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। প্ৰতিদিনেই পোহৰলৈ আহে ধৰ্ষণ, হত্য়াকাণ্ড আদিৰ কথা। কেতিয়াবা যদি প্ৰেমিকে কাটি টুকুৰা-টুকুৰ কৰি ফ্ৰীজত ভৰাই থৈছে, কেতিয়াবা আকৌ কুকাৰত সিজাইছে।
ইয়াৰ মাজতে পুনৰ উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। দেওবাৰে পানীৰ টেংকীত উদ্ধাৰ হয় এগৰাকী ১৯ বছৰীয়া যুৱতীৰ মৃতদেহ। এই ঘটনা সংঘটিত হৈছে তেলেংগনাৰ ভিকাৰাবাদ জিলাৰ কদলাপুৰ গাঁৱত।
যুৱতী গৰাকীৰ মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে। আৰক্ষীয়ে কয় যে, যুৱতীগৰাকীৰ চকু, ডিঙি, হাত আৰু ভৰিতে ব্লেডেৰে অতি নৃশংসভাৱে প্ৰহাৰ কৰা হৈছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে যুৱতী গৰাকী শনিবাৰে নিশা পৰিয়ালৰ লোকক নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল। চিকিৎসালয়ত কৰ্মৰত আছিল যুৱতী গৰাকী।
তাৰপাছতে দেওবাৰে পানীৰ টেংকীত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। এই পৰ্যন্ত আৰক্ষীয়ে জানিব পৰা নাই কেনেদৰে আৰু কিয় এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: ৰেম্পত খোজ কাঢ়ি থাকোতেই যুৱতীৰ ওপৰত বাগৰি পৰিল খুটা, মৃত্যু...