ডিজিটেল ডেস্কঃ মন্দিৰৰ পুৰোহিতসকলৰ বাবে ভাল খবৰ। কিছু দিনৰ পাছতে মন্দিৰৰ পুৰোহিতসকলে লাভ কৰিব প্ৰতি মাহে ১৮০০০ কৈ টকা। অৱশ্যে প্ৰতিমাহে এইদৰে ১৮০০০ কৈ টকা লাভ কৰিবলৈ হ’লে পুৰোহিতসকলে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী পুনৰ এবাৰ জয়ী হ’বলৈ প্ৰাৰ্থনা কৰিব লাগিব।
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনৰ পূৰ্বে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰিছে দিল্লীত পুনৰ এবাৰ আপ ক্ষমতালৈ আহিলে আপ চৰকাৰে মন্দিৰৰ পুৰোহিতসকলক প্ৰতি মাহে ১৮০০০ কৈ টকা ভাট্টা হিচাপে প্ৰদান কৰিব।
কেৱল পুৰোহিতেই নহয়, গুৰুদ্বাৰৰ গ্ৰন্থিসকলেও সম পৰিমাণৰ ভাট্টা লাভ কৰিব। সোমবাৰে কেজৰিৱালে কয়, পুৰোহিত আৰু গ্ৰন্থিসকল আমাৰ ধৰ্মীয় ৰীতি নীতিৰ ৰক্ষক। তেওঁলোকে নিঃস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি আছে। দুৰ্ভাগ্যবশতঃ কোনেও কেতিয়াও তেওঁলোকৰ আৰ্থিক নিৰাপত্তাৰ দিশটোৰ কথা চিন্তা নকৰে।
কেজৰিৱালে আৰু কয়, মঙ্গলবাৰৰ পৰা এই নতুন আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তেওঁ নিজেই হনুমান মন্দিৰলৈ গৈ এই প্ৰক্ৰিয়াৰ সূচনা কৰিব। তেওঁ এই নতুন আঁচনিৰ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰিবলৈয়ো বিজেপিক পৰোক্ষভাৱে সমালোচনা কৰে।
উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে জ্যেষ্ঠ লোকসকলৰ বাবে ‘‘সঞ্জীৱনী যোজনা’’ আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লীৰ যিসকল নাগৰিকৰ বয়স ৬০ বা তাতকৈ অধিক তেওঁলোকে হাস্পতালত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।
তাৰোপৰি ‘‘মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনা’’ নামেৰে আন এক আঁচনিও ঘোষণা কৰিছে আপে। দিল্লীৰ চৰকাৰৰ এই আঁচনিৰ অধীনত ১৮ বছৰৰ অধিক বয়সৰ সকলো মহিলাই প্ৰতি মাহে ২১০০ টকা কৈ ভাট্টা লাভ কৰিব। চৰকাৰী কৰ্মী আৰু কোনো ৰাজনৈতিক পদবীধাৰী মহিলাৰ বাহিৰে সকলোৱে এই প্ৰকল্পৰ সুবিধা লাভ কৰিব।