ডিজিটেল ডেস্ক : অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে প্ৰায় ১৭গৰাকী লোক। ৰাজস্থানৰ উদয়পুৰত সংঘটিত এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কোৰোনা মহামাৰীৰ দৰে পুনৰ অচিনাক্ত মহামাৰীয়ে অঞ্চলটো চানি ধৰিছে বুলি গঞাৰ মাজত আতংকৰ সৃষ্টি হৈছে। জানিব পৰা মতে এতিয়ালৈকে মৃত্যু হোৱা লোকৰ অধিকাংশই শিশু আৰু কিশোৰ।
উপযুক্ত প্ৰশিক্ষণ তথা ডিগ্ৰী নথকা তথাকথিত স্বাস্থ্যকৰ্মী আৰু বেজ-বৈদ্যৰ দ্বাৰা গঞাই চিকিৎসা কৰোৱাৰ ফলত অধিকসংখ্যক লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। ইতিমধ্যে এই অনাকাঙ্খিত ঘটনাৰ পাছতে জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।