১৫ বছৰ পুৰণি বাহনৰ বাবে চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা বাতিল হ'ব...

পুৰণি বাহনৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সিদ্ধান্ত অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ বছৰ পুৰণি সকলো চৰকাৰী বাহন বাতিল কৰা হ'ব

author-image
Asomiya Pratidin
New Update
১৫ বছৰ পুৰণি বাহনৰ বাবে চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা বাতিল হ'ব...

ডিজিটেল ডেস্ক: পুৰণি বাহনৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সিদ্ধান্ত অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ বছৰ পুৰণি সকলো চৰকাৰী বাহন বাতিল কৰা হ'ব। ইয়াত বিশেষকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ পুৰণি পৰিবহন নিগমৰ বাহন অন্তৰ্ভুক্ত আছে।

Advertisment

পথ পৰিবহণ ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ অধিক পুৰণি বাহনৰ পঞ্জীয়ন ১ এপ্ৰিলৰ পৰা বাতিল কৰা হ'ব । সকলোবোৰ বাহনক পঞ্জীভুক্ত স্ক্ৰেপ কেন্দ্ৰত ধ্বংস কৰা হ'ব।

অৱশ্যে এই নিয়ম দেশৰ সুৰক্ষা আৰু আইন-শৃংখলা তথা আভ্যন্তৰীণ সুৰক্ষা ৰক্ষণাবেক্ষণৰ বাবে ব্যৱহাৰ কৰা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।

২০২১-২২ বৰ্ষৰ বাজেটত ঘোষণা কৰা নীত অনুসৰি ২০ বছৰৰ পিছত ব্যক্তিগত বাহনৰ ফিটনেচ পৰীক্ষা আৰু বাণিজ্যিক বাহনসমূহে ১৫ বছৰৰ পিছত ফিটনেছ পৰীক্ষা কৰিব লাগিব।

আনহাতে ১ এপ্ৰিল ২০২২-ৰ পৰা কাৰ্যকৰী হোৱা নীতিৰ অধীনত, কেন্দ্ৰই কৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে স্ক্ৰেপত সলনি কৰা বাহনৰ দ্বাৰা নতুন বাহন ক্ৰয় কৰিলে ২৫ শতাংশ ৰেহাই পাব।

আৰু পঢ়ক: বিদ্ৰোহী সংগঠনৰ মুৰব্বী ঘূৰি আহিছে, শীঘ্ৰেই হ'ব শান্তি আলোচনা: হিমন্ত বিশ্ব

transport ministry