জলবায়ু পৰিৱৰ্তনত বিশ্বৰ স্পৰ্শকাতৰ ৰাজ্যৰ ১৪ খনেই ভাৰতৰ

জলবায়ু পৰিৱৰ্তনত বিশ্বৰ স্পৰ্শকাতৰ ৰাজ্যৰ ১৪ খনেই ভাৰতৰ

ডিজিটেল ডেস্ক : প্ৰকাশ পালে 'গ্ৰছ ডমেষ্টিক ক্লাইমেট ৰিস্ক' নামৰ এক প্ৰতিবেদন । সমগ্ৰ বিশ্বকেই সামৰি লোৱা এই প্ৰতিবেদনে প্ৰকাশ কৰিলে জলবায়ু পৰিৱৰ্তনত স্পৰ্শকাতৰ ১০০ খন ৰাজ্যৰ নাম । কেৱল জলবায়ু পৰিৱৰ্তনেই নহয় বৰং ইয়াৰ ফলত বাণিজ্যিক অথবা অৰ্থনৈতিক দিশত কিদৰে প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কেও পোহৰলৈ আনিলে বহু তথ্য ।

কিন্তু ইয়াতেই শেষ নহ'ল জলবায়ু পৰিৱৰ্তনৰ কাহিনী । উদ্বেগজনক বিষয়টো হ'ল যে, বিশ্বৰ ১০০ খন ৰাজ্যৰ ১৪ খনেই ভাৰতৰ । আৰু এই ৰাজ্য সমূহত আছে সৰ্বমুঠ প্ৰায় ১ কোটি লোক । অৰ্থাৎ বিশ্ব প্ৰতি আঠজন ব্যক্তিৰ এজন । উল্লেখ্য যে, এই ১৪ খন ৰাজ্যৰ ভিতৰত আছে ঘন জনবসতিপূৰ্ণ উত্তৰ প্ৰদেশ আৰু বিহাৰো । অথবা দেশৰ অৰ্থনৈতিক শক্তিকেন্দ্ৰস্বৰূপ মহাৰাষ্ট্ৰ আৰু তামিলনাডু ।

চীনৰ পাছত ১৪ খন ৰাজ্যৰে এই তালিকাৰ দ্বিতীয় স্থানতে আছে ভাৰত । ২০৫০ চনৰ ভিতৰত বিধ্বংসী বানে এই ১ কোটি লোকৰ বৃহৎ ক্ষতিসাধন কৰিব বুলিও আঙুলিয়াই দিছে প্ৰতিবেদনখনে ।

আনহাতে, কেৱল বানপানীয়েই নহয় বৰং গোলকীয় হিটমেপতো অন্যতম ভাৰত । বিশ্বৰ নামমাত্ৰ দেশৰ মাজৰ এখন হ'ল ভাৰত য'ত আগন্তুক সময়ছোৱাত উষ্ণতাই চলাব তাণ্ডৱ ।

ভাৰতৰ এই ১৪ খন ৰাজ্য হ'ল ক্ৰমে, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, ৰাজস্থান, তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, পাঞ্জাৱ, কেৰালা, মধ্য প্ৰদেশ, পশ্চিম বংগ, হাৰিয়ানা, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ ।

এতিয়া প্ৰশ্ন হয়, সততেই উন্নতিৰ পথত বুলি নিজৰেই গুণ বখানি থকা চৰকাৰে কোনো সিদ্ধান্ত ল'ব নে এই সন্দৰ্ভত ? নে ইয়াৰ পূৰ্বে দিয়া সকিয়নী সমূহৰ দৰেই এই সকিয়নীও কেৱল কাগজে পত্ৰই সীমাবদ্ধ চৰকাৰৰ বাবে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in