পোখৰণত ১.৩ গিগাৱাটৰ সৌৰ বিদ্যুৎ কেন্দ্ৰৰ উদ্বোধন...

ভজন লাল শৰ্মাই বৃহস্পতিবাৰে পোখৰণত ১.৩ গিগাৱাটৰ একন সৌৰ বিদ্যুৎ কেন্দ্ৰৰ উদ্বোধন কৰে আৰু এই প্ৰকল্পক ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে উল্লেখ কৰে।

author-image
Tushar Pratim
New Update
পোখৰণত ১.৩ গিগাৱাটৰ সৌৰ বিদ্যুৎ কেন্দ্ৰৰ উদ্বোধন...

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই বৃহস্পতিবাৰে পোখৰণত ১.৩ গিগাৱাটৰ একন সৌৰ বিদ্যুৎ কেন্দ্ৰৰ উদ্বোধন কৰে আৰু এই প্ৰকল্পক ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে উল্লেখ কৰে। এই কেন্দ্ৰৰ ৯০ শতাংশ উপাদান আৰু সকলো সৌৰ পেনেল ৰাজস্থানত নিৰ্মিত।

Advertisment

৩,৫০০ একৰত স্থাপিত এই প্ৰকল্প ৰিনিউ পাৱাৰে বিকশিত কৰা হৈছে আৰু ই ৰাজ্যৰ ৫ লাখ পৰিয়ালৰ বিদ্যুৎৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ১,৫০০ লোকৰ বাবে প্ৰত্যক্ষভাৱে চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

ৰাজ্যৰ বিতৰণ কোম্পানীসমূহে এই কেন্দ্ৰৰ পৰা প্ৰতি ইউনিট ২.১৮ টকাত বিদ্যুৎ পাব, যি এই খণ্ডত সৰ্বনিম্ন মূল্যৰ ভিতৰত অন্যতম। সৌৰ বিদ্যুতৰ সুবিধাসমূহৰ কথা উল্লেখ কৰি আৰু ৰাজস্থানৰ এই খণ্ডত সম্ভাৱনাৰ সন্দৰ্ভত দৃষ্টিপাত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পৰম্পৰাগত শক্তিৰ (তাপ বিদ্যুৎ) বিপৰীতে সেউজ শক্তিৰ উৎসসমূহ অসীম।

এই সন্দৰ্ভত তেওঁ এক্সত উল্লেখ কৰিছে এইদৰে, ৰাজস্থানক শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী কৰাৰ দিশত আজি জয়ছলমেৰৰ পোখৰণৰ ভিনাজপুৰাত ৰিনিউ পাৱাৰ কোম্পানীৰ ১.৩ গিগাৱাটৰ সৌৰ বিদ্যুৎ কেন্দ্ৰৰ উদ্বোধন কৰি, উপস্থিত লোকসকলক সম্বোধন কৰো। এই অনুষ্ঠানত কেন্দ্ৰীয় নৱীন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ জোছী জীও উপস্থিত আছিল।

এই অনুষ্ঠানত আমাৰ চৰকাৰে ৰাজস্থানত নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কৰা উন্নয়নৰ কাম, ভৱিষ্যতৰ পৰিকল্পনা আৰু সেউজ শক্তিৰ গুৰুত্বৰ বিষয়ে বিস্তৃতভাৱে তথ্য প্ৰদান কৰাো। মোৰ সম্পূৰ্ণ বিশ্বাস যে এই প্ৰকল্পই ৰাজ্যৰ শক্তি সম্পদক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু স্থানীয় ৰোজগাৰৰ সুযোগ বৃদ্ধিতো অৰিহণা যোগাব।

ৰাজস্থান নৱীকৰণযোগ্য শক্তি সৌৰ শক্তি