Advertisment

২০২৪ত সম্পত্তি পঞ্জীয়নৰ ক্ষেত্ৰত ৰেকৰ্ড মুম্বাইত...

২০২৪ৰ ডিচেম্বৰ মাহত সম্পত্তি পঞ্জীয়নৰ তালিকাত শীৰ্ষত আছে মুম্বাই।  এক তথ্য অনুসৰি, ২০২৪ৰ ডিচেম্বৰত ১২, ৫১৮টা সম্পত্তি পঞ্জীয়ন হৈছে মুম্বাইত। ইয়াৰ পৰা মুম্বাইয়ে ৰাজহ সংগ্ৰহ কৰিব প্ৰায় ১১৫৪কোটি টকা। নাইট ফ্ৰেংকৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
12

11 Photograph: (11)

ডিজিটেল ডেস্কঃ ২০২৪ৰ ডিচেম্বৰ মাহত সম্পত্তি পঞ্জীয়নৰ তালিকাত শীৰ্ষত আছে মুম্বাই।  এক তথ্য অনুসৰি, ২০২৪ৰ ডিচেম্বৰত ১২, ৫১৮টা সম্পত্তি পঞ্জীয়ন হৈছে মুম্বাইত। ইয়াৰ পৰা মুম্বাইয়ে ৰাজহ সংগ্ৰহ কৰিব প্ৰায় ১১৫৪কোটি টকা। নাইট ফ্ৰেংকৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

Advertisment

এই প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, যোৱা বছৰৰ ডিচেম্বৰ মাহতকৈ এই বছৰত প্ৰায় ২শতাংশ বৃদ্ধি পাইছে এই সংখ্যা। আনহাতে বাৰ্ষিক শুল্ক প্ৰায় ২৪শতাংশ বৃদ্ধি পাইছে। আনহাতে সম্পত্তি পঞ্জীয়ন ২০২৪বৰ্ষত মুঠ ১.৪২লাখ বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই সম্পত্তি ৰাজহ বাৰ্ষিক ১২,১৬১কোটিৰ বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত।

তথ্যত উল্লেখ কৰা অনুসৰি, সম্পত্তি পঞ্জীয়নৰ প্ৰায় ৮০শতাংশ হৈছে আৱাসিক সম্পত্তি। 

মুম্বাই