বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰে ১৩ খন চহৰঃ প্ৰদূষণে হ্ৰাস কৰিছে মানুহৰ আয়ুস...

বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত বৰ্ণিহাট। মঙ্গলবাৰে World Air Quality Report ত এই তথ্য উপলব্ধ হৈছে। প্ৰতিবেদনত ২০ খন প্ৰদূষিত চহৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ। 

author-image
Tushar Pratim
New Update
বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰে ১৩ খন চহৰঃ প্ৰদূষণে হ্ৰাস কৰিছে মানুহৰ আয়ুস...

ডিজিটেল ডেস্কঃ বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত বৰ্ণিহাট। মঙ্গলবাৰে World Air Quality Report (WAQR) ত এই তথ্য উপলব্ধ হৈছে। উল্লেখ্য যে, এই প্ৰতিবেদনত বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ ভিতৰত ১৩ খন চহৰেই ভাৰতৰ। 

Advertisment

IQAir ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

ছুইজাৰলেণ্ডৰ বায়ুৰ গুণাগুণ প্ৰযুক্তি কোম্পানী IQAir ৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন-২০২৪ (WAQR) ত কোৱা হৈছে যে দিল্লী বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ হৈয়ে আছে। আনহাতে ভাৰতে ২০২৩ চনৰ তৃতীয় স্থানৰ পৰা হ্ৰাস পাই ২০২৪ চনত বিশ্বৰ পঞ্চম প্ৰদূষিত দেশ হিচাপে স্থান লাভ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ২০২৩ চনত প্ৰতি ঘনমিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰামৰ তুলনাত ২০২৪ চনত পিএম২.৫ৰ ঘনত্ব ৭ শতাংশ হ্ৰাস পাইছে, গড়ে প্ৰতি ঘনমিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰাম।

দিল্লীয়ে ধাৰাবাহিকভাৱে উচ্চ প্ৰদূষণৰ মাত্ৰাৰ ৰেকৰ্ড স্থাপন কৰিছে। বাৰ্ষিক গড় ২০২৩ ৰ তুলনাত ২০২৪ তো প্ৰায় অপৰিৱৰ্তিত হৈয়ে আছে। দিল্লীৰ বাৰ্ষিক গড় পিএম২.৫ ঘনত্ব প্ৰতি ঘনমিটাৰত ৯১.৬ মাইক্ৰ’গ্ৰাম। ২০২৩ ত এই পৰিমাণ আছিল ৯২.৭ মাইক্ৰ’গ্ৰাম।

২০ খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰ চহৰসমূহ

বিশ্বৰ শীৰ্ষ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত স্থাল লাভ কৰা ১৩খন ভাৰতীয় চহৰৰ ভিতৰত আছে বৰ্ণিহাট, দিল্লী, মুলনপুৰ(পাঞ্জাব), ফৰিদাবাদ, লনী, নতুন দিল্লী, গুৰুগ্ৰাম, গংগানগৰ, বৃহত্তৰ নয়ডা, ভীৱাদী, মুজাফ্ফৰনগৰ, হনুমানগড় আৰু নয়ডা।

সামগ্ৰিকভাৱে ভাৰতৰ ৩৫ শতাংশ চহৰত বাৰ্ষিক পিএম২.৫ ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামৰ ১০ গুণ অতিক্ৰম কৰা বুলি প্ৰকাশ পাইছে।

বায়ু প্ৰদূষণৰ বাবেই ভাৰতীয়ৰ আয়ুস হ্ৰাস পাইছে গড়ে ৫.৩ বছৰ

ভাৰতত বায়ু প্ৰদূষণ এক গুৰুতৰ স্বাস্থ্যজনিত বিপদ হৈয়েই আছে, যাৰ ফলত গড় আয়ুস আনুমানিক ৫.২ বছৰ হ্ৰাস পাইছে। যোৱা বছৰ প্ৰকাশিত লেন্সেট প্লেনেটৰী হেল্থৰ এক অধ্যয়ন অনুসৰি ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ভাৰতত প্ৰতি বছৰে প্ৰায় ১৫ লাখ লোকৰ মৃত্যুৰ সম্ভাৱনা পিএম২.৫ প্ৰদূষণৰ দীৰ্ঘম্যাদী সংস্পৰ্শৰ সৈতে জড়িত আছিল। 

পি এম ২.৫ কি?

পিএম২.৫ বুলিলে ২.৫ মাইক্ৰনতকৈ সৰু সৰু বায়ু প্ৰদূষণ কণাক বুজোৱা হয়। যিবোৰ হাওঁফাওঁ আৰু তেজত প্ৰৱেশ কৰি উশাহ-নিশাহৰ সমস্যা, হৃদৰোগ আনকি কেন্সাৰৰো সৃষ্টি কৰিব পাৰে। ইয়াৰ উৎসসমূহৰ ভিতৰত আছে বাহনৰ নিৰ্গমন, উদ্যোগিক নিৰ্গমন আৰু কাঠ বা শস্যৰ আৱৰ্জনা জ্বলোৱা।

বিশেষজ্ঞই কি কয়?

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুখ্য বিজ্ঞানী তথা স্বাস্থ্য মন্ত্ৰালয়ৰ উপদেষ্টা সৌম্য স্বামীনাথনে কয় যে ভাৰতে বায়ুৰ গুণাগুণৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে যদিও পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱ। পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, "আমাৰ হাতত তথ্য আছে; এতিয়া আমাক ব্যৱস্থাৰ প্ৰয়োজন।

কিছুমান সমাধান সহজ যেনে জৈৱবস্তুৰ ঠাইত এল পি জিৰ ব্যৱহাৰ। ইয়াৰ বাবে ভাৰতত ইতিমধ্যে এক আঁচনি আছেই, কিন্তু আমি অতিৰিক্ত চিলিণ্ডাৰক আৰু অধিক ৰাজসাহায্য দিব লাগিব। দৰিদ্ৰ পৰিয়ালসমূহে প্ৰথম চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰে যদিও পাছত ক্ৰয় কৰিব লাগে। সেয়ে বিশেষকৈ মহিলাসকলে অধিক ৰাজসাহায্য লাভ কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব আৰু বাহিৰৰ বায়ু প্ৰদূষণ হ্ৰাস পাব।"

চহৰবোৰত ৰাজহুৱা পৰিবহণ সম্প্ৰসাৰণ আৰু কিছুমান বিশেষ গাড়ীৰ ওপৰত জৰিমনা বিহা কাৰ্যই এই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, "শেষত নিৰ্গমন আইন কঠোৰ বলবৎ কৰাটো অতি গুৰুত্বপূৰ্ণ। উদ্যোগ আৰু নিৰ্মাণ স্থানসমূহে নিয়ম মানি চলিব লাগিব আৰু নিৰ্গমন কমাবলৈ সঁজুলি স্থাপন কৰিব লাগিব।" 

 

বায়ু প্ৰদূষণ প্ৰদূষণ