প্লে ষ্ট’ৰৰ পৰা ১৩ টা এপ আঁতৰালে গুগলে

প্লে ষ্ট’ৰৰ পৰা ১৩ টা এপ আঁতৰালে গুগলে

author-image
asomiyapratidin
New Update
প্লে ষ্ট’ৰৰ পৰা ১৩ টা এপ আঁতৰালে গুগলে

ডিজিটেল ডেস্কঃ স্মাৰ্টফোন,টেবলেট ইত্যাদিৰ ক্ষতি সাধন কৰিব পৰা মালৱেৰ তথা ভাইৰাছৰ আশংকাত প্লে'ষ্টৰৰ পৰা ১৩ টা এপ্লিকেচন আঁতৰাইছে গুগলে। এন্ড্ৰয়ড প্লে'ষ্টৰৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰতিষ্ঠানটোৱে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, গুগলৰ প্লে'ষ্টৰত যিকোন ডেভেলঅ'পাৰে অতি সহজে কোনো এটা এপ আপলোড কৰিব পাৰে । ইয়াৰ ফলত ভাইৰাছ, মালৱেৰ আদিৰ সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি পায়।

গৱেষক সকলে এই সন্দৰ্ভত ১৩ টা এপ্লিকেচন ক্ষতিকাৰক বুলি নিশ্চিত কৰিছে। তেওলোকৰ তথ্যৰ ভিত্তিতে গুগলে এই এপকেইটা আঁতৰাইছে যদিও ইতিমধ্যে প্ৰায় ৫ লাখ ব্যৱহাৰকাৰীয়ে এনে এপ্লিকেচন ডাউনলোড কৰিছে।