ডিজিটেল ডেস্কঃ ২০২৩ চনৰ জুলাইৰ পৰা ২০২৪ ৰ ডিচেম্বৰলৈকে ভাৰত চৰকাৰে বিদেশী নাগৰিকৰ চিকিৎসাৰ বাবে মুঠ ১২৩ খন নিয়মীয়া ভিছা আৰু ২২১ খন ই-আয়ুষ ভিছা ইছ্যু কৰিছে। সংসদৰ শীতকালীন অধিৱেশনত বুধবাৰে এই তথ্য অৱগত কৰিছে আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱে।
তেওঁ ৰাজ্য সভাত এক লিখিত উত্তৰত কয়, ২০২৩ ৰ জুলাইৰ পৰা ২০২৪ লৈ ১৭ খন ই-আয়ুষ এটেণ্ডেণ্ট ভিছাও ইছ্যু কৰিছে।
২৭ জুলাই, ২০২৩ ত ভাৰত চৰকাৰে আয়ুষ চিকিৎসা গ্ৰহণৰ উদ্দেশ্যে অহা বিদেশীসকলৰ বাবে এক পৃথক আয়ুষ ভিছা শ্ৰেণী আৰম্ভ কৰিছিল। আয়ুষ ভিছা মুঠ চাৰিটা উপ-শ্ৰেণীত উপলব্ধ: আয়ুষ ভিছা, আয়ুষ এটেণ্ডেণ্ট ভিছা, ই-আয়ুষ ভিছা, আৰু ই-আয়ুষ এটেণ্ডেণ্ট ভিছা।
ইয়াৰ উপৰিও, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে "এডভাণ্টেজ হেল্থকেয়াৰ ইণ্ডিয়া" পৰ্টেল মুকলি কৰিছে। যিয়ে চিকিৎসাৰ বাবে বিদেশৰ পৰা ভাৰতলৈ অহা লোকসকলৰ বাবে তথ্য প্ৰদান কৰিব।
চৰকাৰে এই পদক্ষেপৰ জৰিয়তে আয়ুষ সুবিধা প্ৰদানকাৰী আৰু চিকিৎসা মূল্য ভ্ৰমণ (এমভিটি) প্ৰণালীৰ অন্যান্য অংশীদাৰসকলক সজাগ কৰাৰো লক্ষ্য ৰাখিছে। ইয়াৰোপৰি আয়ুষ মন্ত্ৰীগৰাকীয়ে জনাইছে যে, চৰকাৰে পি এইছ চি, চি এইছ চি আৰু জিলা হাস্পতালত আয়ুষ সুবিধাসমূহৰ সমন্বয়ৰ এক কৌশল গ্ৰহণ কৰিছে। এই কৌশলে ৰোগীসকলৰ মাজত বিভিন্ন চিকিৎসা পদ্ধতিৰ কোনসমূহ গ্ৰহণ কৰিব সেয়া নিৰ্বাচনত সহায় কৰিব।