দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে সমল প্ৰস্তুত!চৰকাৰে ব্লক কৰিলে ১১০টা ইউটিউব চেনেল

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে জনাই যে চৰকাৰে ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা ১১০ টা ইউটিউবত আধাৰিত নিউজ চেনেল আৰু ২৪৮ টা ইউ আৰ এল ব্লক কৰিছে।
দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে সমল প্ৰস্তুত!চৰকাৰে ব্লক কৰিলে ১১০টা ইউটিউব চেনেল

ডিজিটেল ডেস্কঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে জনাই যে চৰকাৰে ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা ১১০ টা ইউটিউবত আধাৰিত নিউজ চেনেল আৰু ২৪৮ টা ইউ আৰ এল ব্লক কৰিছে। দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে সমল প্ৰস্তুত কৰাৰ বাবে এই সিদ্ধান্ত কৰিছে চৰকাৰে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কৰা এক প্ৰশ্নত এই তথ্য প্ৰদান কৰে অনুৰাগ ঠাকুৰে।

বৰদলৈয়ে বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) সংশোধনী আইন (ইউএপিএ), ভাৰতীয় দণ্ডবিধি আৰু অন্যান্য আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিকৰ সংখ্যা আৰু বিৱৰণো বিচাৰিছিল। সেই উত্তৰত ঠাকুৰে কয় যে, ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)য়ে সাংবাদিক/সংবাদ মাধ্যমৰ কৰ্মচাৰীৰ বাবে পৃথকে তথ্য সংগ্ৰহ নকৰে।

দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে সমল প্ৰস্তুত!চৰকাৰে ব্লক কৰিলে ১১০টা ইউটিউব চেনেল
বিয়াৰ প্ৰলোভন দি কিশোৰীক বেশ্যা বৃত্তিত নিয়োগ, গ্ৰেপ্তাৰ ৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in