/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/squ5e4h6/177.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ উদ্যোগত নতুন দিল্লীত বুধবাৰে দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সভাপতিত্ব কৰে। লগতে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক শিপিনীয়ে অংশগ্ৰহণ কৰে। লগতে তেঁওলোকে ইতিহাস সম্বলিত বস্ত্ৰ প্ৰদৰ্শনী এখন উপস্থাপনৰ দিহা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/owbmq5yi/454314360_1700853700457164_8254546908662522873_n.jpg)
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বস্ত্ৰ প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। লগতে তেঁও শিপিনীসকলৰ সৈতে বাৰ্তালাপ কৰে।
ইয়াৰোপৰি প্ৰদৰ্শনীৰ মাজেৰে খোজ কাঢ়ি যাওঁতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিপিনীসকলৰ সুন্দৰ কাৰুশিল্প আৰু প্ৰতিভাৰ প্ৰশংসা কৰে।
উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে কেইবাগৰাকী সাংসদ, বিশিষ্ট ব্যক্তি, ডিজাইনাৰ, উদ্যোগৰ প্ৰতিনিধি উপস্থিত থাকে। তাৰোপৰি জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে সমগ্ৰ দেশৰ ১০০০ তকৈও অধিক শিপিনী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/20ojd3fo/454349612_1700853640457170_933900613031220008_n.jpg)
অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অহা শিপিনী আৰু শিল্পীসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতি ধনখড়ে ভাষণ প্ৰদান কৰে। তেঁও ভাৰতৰ হস্ততাঁত উদ্যোগৰ অৱদানৰ কথা আলোকপাত কৰি কেতবোৰ মন্তব্য কৰে।
অৰ্থনৈতিক জাতীয়তাবাদত শিপিনীসকল লিপ্ত হোৱাটো গুৰুত্বপূৰ্ণ বুলি ধনখড়ে উল্লেখ কৰে। সমান্তৰালকৈ উক্ত অনুষ্ঠানতে শিপিনীসকলক হস্ততাঁত খণ্ডত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে 'সন্ত কবীৰ বঁটা' আৰু 'ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা' প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/uf4i61ol/454550277_1700853757123825_1642856110007270874_n.jpg)
ইফালে অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে বঁটা তালিকা আৰু "পৰম্পৰা- ভাৰতৰ হস্ততাঁত পৰম্পৰাত স্থিৰতা" নামৰ এখন কফি টেবল পুস্তিকা মুকলি কৰে।