মোডীৰ 'মন কি বাত'ৰ এটা দশক সম্পূৰ্ণ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ দেওবাৰে আছিল ১১৪ তম খণ্ড...

author-image
Asomiya Pratidin
New Update
মোডীৰ 'মন কি বাত'ৰ এটা দশক সম্পূৰ্ণ...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে তেওঁৰ জনপ্ৰিয় মাহেকীয়া অনুষ্ঠান ‘মন কি বাত’ ৰ ১০ বছৰ সম্পূৰ্ণ কৰে। ২০১৪ চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত এই অনুষ্ঠানৰ জৰিয়তে মোডীয়ে দেশবাসীক সম্বোধন কৰি আহিছে।

১০ বছৰীয়া এই যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কালি কয় যে, জনসাধাৰণে ইতিবাচক বিকাশৰ লগতে অনুপ্ৰেৰণাদায়ক আৰু উৎসাহজনক কাহিনী পছন্দ কৰে। ১০ বছৰীয়া শেহতীয়া সম্প্ৰচাৰত তেওঁ সামাজিক সমস্যাৰ ওপৰত আলোচনা কৰে।লগতে এই খণ্ডটো এক আৱেগিক খণ্ড বুলিও মন্তব্য কৰে।

কালিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে, মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়েও ১০ বছৰ সম্পূৰ্ণ কৰিছে গতিকে আগন্তুক উৎসৱৰ বতৰত ‘মেক ইন ইণ্ডিয়া’ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনাই মোডীয়ে। লগতে মন কী বাত অনুষ্ঠানটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায়। ইয়াৰোপৰি দেওবাৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান “মন কি বাত” প্ৰথমবাৰৰ বাবে ৩ অক্টোবৰ, ২০১৪ তাৰিখে সম্প্ৰচাৰ হৈছিল। প্ৰতি মাহৰ শেষৰ দেওবাৰে প্ৰচাৰিত এই অনুষ্ঠানটোৱে সমগ্ৰ বিশ্বতে ব্যাপক অনুগামী লাভ কৰিছে। 

Also Read: ধুবুৰীত বিশ্ব হৃদ দিৱস পালন

man ki baat