নাৰায়ণপুৰত নিৰ্মীয়মাণ নলাই জ্বলাকলা খুৱাইছে পথচাৰীক…

নাৰায়নপুৰ
নাৰায়নপুৰ

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : নাৰায়ণপুৰ নগৰত নিৰ্মীয়মাণ অৱস্থাত থকা নলাই বিগত কেবাদিনো ধৰি জলাকলা খুৱাইছে পথচাৰীক ৷ নাৰায়ণপুৰ-শিলিখাগুৰী সংযোগী পথত সংঘটিত হৈছে এই কাণ্ড ।

নাৰায়ণপুৰ নগৰৰ পৰা শিলিখাগুৰী সংযোগী সদাব্যস্ত গুঘ পথটোৰ দাঁতিত নিৰ্মাণ কাৰ্য চলি থকা নলাটোৰ বাবেই বিগত প্ৰায় এসপ্তাহে পথচোৱা বোকাৰে ভৰি পৰাত পথচাৰী সকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব হৈছে ৷

নলাটোৰ পৰা নিষ্কাৰণ হোৱা মাটি আৰু দুৰ্গন্ধময় আৱৰ্জনাৰে পথটোৰ অৰ্ধাংশ আৱৰি থকাত পথচাৰী সকলে যাতায়ত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ SOPD ৰ অধীনত ৪৪ লাখ ৯৯ হাজাৰ আৰু ২৬ লাখ ৫৬ হাজাৰ টকাৰে দুটা খণ্ডত নলাটোৰ নিৰ্মান কাৰ্য চলি আছে ।

প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ যাতায়ত বিদ্ধস্ত হৈ পৰা পথছোৱাৰ ক্ষেত্ৰত বিষয়া-ঠিকাদাৰে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত পথচাৰী সকল ক্ষোভিত হৈ পৰিছে ৷ শেহতীয়াকৈ যোৱা কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পকী পথছোৱা বোকাময় হৈ পৰাত নলাটোৰ কাষৰ বাসগৃহ সমূহলৈও ওলোৱা-সোমোৱাৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈছে ঘৰৰ গৰাকী ।

আনকি ঠিকাদাৰৰ দ্বায়িত্ব জ্ঞানহীনতাৰ বাবেই বিগত বহুদিনে কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো এক প্ৰকাৰ বন্ধ কৰি ৰাখিবলগীয়া হৈছে ৷ পথচাৰী সকলৰ লগতে স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে পথছোৱা যাতায়তৰ বাবে সুচল কৰি তোলক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in