হৃদয় বিদাৰক ঘটনা : কোৰোনাই মাতৃহাৰা কৰিলে এটি ৭ দিনীয়া দেৱ শিশুক…

কোৰোনা
কোৰোনা

ডিজিটেল সংবাদ,নামতি : কোৰোনা ৰ ভয়াবহতাৰ মাজতে শিৱসাগৰ জিলাৰ নামতিৰ মিছাজানত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা | মহামাৰী কোৰোনা ই থান-বান কৰিলে এটা পৰিয়ালৰ এখন সুখৰ সংসাৰ | পৃথিৱীৰ পোহৰ দেখা ৭ টা দিন সম্পূৰ্ণ নহওতেই মাতৃহাৰা হ'ল এটি দেৱশিশু |

উল্লেখ্য যে, উক্ত অঞ্চলটোৰ নিবাসী বুলবুল আলীৰ পত্নী চুলতানা বেগমে বিগত সাত দিন পূৰ্বে জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় এটি সন্তান জন্ম দিছিল | সন্তান জন্মৰ পাছতেই মহিলাগৰাকী আক্ৰান্ত হয় মহামাৰী কোভিড ১৯ ত | মহামাৰী কোভিড ১৯ ৰ সৈতে যুঁজ কৰি হাৰ মানিলে চুলতানা বেগমে |

অৱশেষত ৭ দিনীয়া দেৱশিশুটিক ইহ-সংসাৰত এৰি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে | আনহাতে, চুলতানাৰ স্বামী বুলবুল আলীও আক্ৰান্ত কোভিড ১৯ ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে | এতিয়া হাহাকাৰ লাগিছে এতিয়া দূৰ্ভগীয়া পৰিয়ালটোৰ | কিয়নো প্ৰতিদিনে জটিল হৈছে কোভিড পৰিস্থিতি | তাৰ মাজতে মিছাজানৰ এই শোকাবহ ঘটনাই এতিয়া শোকবিহ্বল কৰি তুলিছে নামতিবাসীক |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in