নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিবাৰণী দিৱস পালন

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিবাৰণী দিৱস পালন কৰে ।

author-image
Asomiya Pratidin
New Update
hfoigjnlkdf

ডিজিটেল ডেস্কঃ  নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিবাৰণী দিৱস পালন কৰে । নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰপৰা নগাঁৱৰ মাজেৰে এটি কুষ্ঠ ৰোগৰ সজাগতা শোভাযাত্ৰা বাহিৰ কৰে। ইয়াৰ পাছতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। 

WhatsApp Image 2026-01-30 at 10.29.58 PM

উল্লেখ্য যে, কুষ্ঠৰোগৰ ওপৰত পৰ্যালোচনা অনুষ্ঠিত কৰে। ইপিনে সভাত এগৰাকী কুষ্ঠৰোগ বিজয়ী ব্যক্তি ৰাহুল গাঁওখোৱাক নগাঁও জিলা প্ৰশাসনৰ ফালৰপৰা সম্বোৰ্ধনা জনোৱা হয়। সভাত সভাপতিত্ব কৰে- নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ  বিদ্যাৱতী হাজৰিকাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী। ইয়াৰ লগতে উপস্থিত থাকে জিলা কুষ্ঠৰোগ বিষয়া ডাঃ গোপাল চন্দ্ৰ ৰয়, ডাঃ মধুমিতা বৰাৰ লগতে আন বহু কেইজন লোক।

WhatsApp Image 2026-01-30 at 10.29.57 PM

নগাওঁ