Advertisment

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই বাপ সমস্তলৈ..

যিসকলে সংঘৰ নীতি নিয়ম মানিব নোৱাৰে, সংঘই কৰা কামবোৰ বুজি নাপায় খালি গাহৰি, কুকুৰা খোৱা নোখোৱাৰ ওপৰত তৰ্ক কৰে সেইসকলৰ লগত ওভতি ধৰাৰ যুক্তি নাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ুপ
মে-ডাম-মেফিত অংশ লোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্যক সংঘৰ পৰা বহিষ্কাৰ কৰাক লৈ টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত হোৱা সংঘাত অব্যাহত আছে। কোনোৱে যদি সংবিধান দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কোনোৱে আকৌ থানাই থানাই গোচৰ ৰুজু কৰিছে। কিন্তু এই কাৰ্য কিমান যুক্তি সংগত সেই সন্দৰ্ভতে গৌতম বৰুৱাৰ এই লেখা 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল...
কথাবোৰ বেয়াৰ পৰা বেয়ালৈ গৈছে । সংঘৰ শাখাই শাখাই দিয়া এজাহাৰ আৰু প্ৰতি এজাহাৰ বাঢ়ি গৈছে। সংবাদ মাধ্যম,সামাজিক মাধ্যমে তাক আৰু এখোপ ওপৰলৈ নিছে। এইবোৰ শেষ কৰিব লাগে। সমাজ ভাঙোনৰ বাবে ধৰ্ম কৰিব নালাগে। শ্ৰীমন্ত শংকৰ সংঘৰ বাবে নামঘৰ মণিকুট সবাৰো ওপৰত।
গুৰু আসন সাক্ষী কৰি নামঘৰত বহু ৰাজহুৱা বিবাদ নিষ্পত্তি কৰা দেখিছো। অ হৰি অ নাম ধ্বনিৰে এফাকি ঘোষাৰে দোষীক উদ্ধাৰ কৰা ও দেখিছো। প্ৰাকৃতিক দুৰ্যোগ বানপানী আহিলে ও তামোল পান আগবঢ়াই তাৰ পৰা ৰক্ষা পাবলে প্ৰাৰ্থনা কৰা দেখিছো।ঘৰৰ ল'ৰা ছোৱালী বেয়া সংগ পালে, অবাটে গ'লে সুমতি দিবলৈ ভকতৰ আগত সেৱা লৈ আত্মসন্তোষ্টি লভা ভকতক লগ পাইছো। 
এতিয়া কোনোবা দলৰ নেতাই সংঘৰ সংবিধান পতাকা জ্বলাই দোষ কৰিছে আৰু সংঘৰ ভকতৰ আত্মাক আঘাত দিছে বুলি ভাবিছে , সেইসকলৰ সুমতিৰ কাৰণে নামঘৰত বাকী সকলৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰে, হৰিধ্বনি দিয়ে, তাকে কৰক । আপোনাসবৰ মহানতা প্ৰকাশ হব।
কোনোবা এজন বা দলে সংবিধান দাহ কৰিলেই সংবিধানৰ মূল্য বা মান নোহোৱা নহয় ।থানা পুলিচ এইবোৰ চোৰ ডকাইতৰ ঠাই, ভকত বৈষ্ণবে সেইবোৰত ননমাই ভাল। যিসকলে সংঘৰ নীতি নিয়ম মানিব নোৱাৰে, সংঘই কৰা কামবোৰ বুজি নাপায় খালি গাহৰি, কুকুৰা খোৱা নোখোৱাৰ ওপৰত তৰ্ক কৰে সেইসকলৰ লগত ওভতি ধৰাৰ যুক্তি নাই।
শংকৰী কলা কৃষ্টিৰ কাৰণে কৰিবলগীয়া বহু কাম বাকী আছে , সেইবোৰত মন দিয়ক । শংকৰ সংঘ ক্লাব হ'লেও বিশ্ববিদ্যালয় পাতিব পাৰে, জাতি বৰ্ণ ভাগ ভাগ নকৰি এক কৰিব পাৰে। সেইবোৰত লাগক ...
শ্ৰীমন্ত শংকৰদেৱ সংঘ