লীনা শৰ্মাৰ "সাগৰিকা": এটা পৰ্য্যালোচনা

প্রতি মূহূর্ততে নতুন পৰিৱেশৰ লগত খাপ খোৱাৰ প্ৰচেষ্টাৰ লগতে প্ৰায়েই মুখামুখি হোৱা স্বামীৰ তীৰ্য্যক মন্তব্যত হীনমন্যতাৰ ভুগি থকা গায়ত্ৰীৰ মাজত আমি আন বহুতো গায়ত্ৰীক বিচাৰি পাওঁ
লীনা শৰ্মাৰ "সাগৰিকা": এটা পৰ্য্যালোচনা
লীনা শৰ্মাৰ "সাগৰিকা": এটা পৰ্য্যালোচনা

লীনা শৰ্মাৰ নৱতম উপন্যাস "সাগৰিকা।" উপন্যাসখনৰ মূল চৰিত্ৰ গায়ত্ৰী নামৰ চৰিত্ৰটোৰে ইয়াৰ কাহিনীভাগ আগবাঢ়ে। গায়ত্ৰী চৰিত্ৰটোৰ জড়িয়তে পাঠক সমাজে পাব আৰু বহু গায়ত্ৰীৰ কাহিনী। সেই সন্দৰ্ভতে উপন্যাসখনৰ এক পৰ্যালোচনা আগবঢ়াইছে দেবিকা দত্তই...

"I shut my eyes and all the world drops dead;

I lift my lids and all is born again"

লীনা শৰ্মাৰ উপন্যাস "সাগৰিকা" পঢ়ি উঠাৰ পিছত চিলভিয়া প্লাথৰ ওপৰত উল্লেখ কৰা কবিতাৰ শাৰীকেইটা মনলৈ আহি আছে। প্রটাগনিষ্ট গায়ত্ৰীয়ে হাজাৰ আঘাটৰ ধুমুহাত বিপৰ্য্যন্ত হোৱাৰ পিছতো হাউলি নগৈ নতুনকৈ জী উঠাৰ যি অভূতপূর্ব বৰ্ণন তাতেই উপন্যাসখনৰ সাৰ্থকতা লুকাই আছে। নতুনকৈ বিয়া হৈ স্বামী সিদ্ধাৰ্থৰ লগত আমেৰিকাত ভৰি দিয়াৰ পৰাই আমি গায়ত্ৰীৰ চৰিত্ৰটোৰ টার্নিং পইন্ট আৰম্ভ হোৱাটো উপলব্ধি কৰিব পাৰোঁ।

প্রতি মূহূর্ততে নতুন পৰিৱেশৰ লগত খাপ খোৱাৰ প্ৰচেষ্টাৰ লগতে প্ৰায়েই মুখামুখি হোৱা স্বামীৰ তীৰ্য্যক মন্তব্যত হীনমন্যতাৰ ভুগি থকা গায়ত্ৰীৰ মাজত আমি আন বহুতো গায়ত্ৰীক বিচাৰি পাওঁ। সিদ্ধার্থই সহকর্মী নোৰাৰ লগত লিভ ইন কৰাৰ পিছত ক্রমশঃ গায়ত্ৰীৰ চৰিত্ৰটোৰ উত্তৰণ ঘটিছে।

সেই চেগতে লেখিকাই আমাক কেইটামান নতুন চৰিত্ৰৰ লগত পৰিচয় কৰি দিছে। গায়ত্ৰীৰ দুই সন্তান গৌৰৱ আৰু কাত্যায়নীৰ লগতে অঞ্জলি-আনন্দ, মণীষ-মমতাৰ পৰা বাৰবাৰা, ক্লাৰা, ডা০ মিচেছ পেটেল, লাৰা চিনক্লেয়াৰ, মার্খা, ডেনিয়েল আৰু ষ্টিফেন্স। এই প্ৰতিটো চৰিত্ৰই প্রটাগনিষ্টক এটা হ'লেও ধাপ অতিক্রম কৰাত সহায় কৰিছে।

উপন্যাসখনে আমেৰিকান সমাজখনৰ বহুতো দিশ উন্মোচন কৰিছে। ক্রমান্বয়ে হ্রাস হৈ অহা নেটিভ আমেৰিকান অর্থাৎ ৰেড ইণ্ডিয়ানসকলৰ মৰ্মগাঁথা, আফ্রিকান- আমেৰিকানসকলৰ জীৱনৰ সংগ্রাম, আপালাচিয়ান পৰ্বতৰ সমৃদ্ধ প্রাকৃতিক সম্পদৰ মৃত্যুঘণ্টা, ৰূপকথাৰ চৰিত্ৰৰ দৰে ভুমুকি মৰা" ষ্টিফেন্সৰ ককাক ডেনিচ আৰু মাক লুচিয়া - এই সকলোবোৰে এক ধৰণৰ গ্রেণ্ড নেৰেটিভৰ সৃষ্টি কৰিছে।

আমেৰিকান ৰমণীৰ প্ৰেমত পত্নী আৰু সন্তানক এৰি যোৱা সিদ্ধাৰ্থৰ ভাৰতীয় ঐতিহ্যক সন্তানৰ মাজেৰে ধৰি ৰখাৰ চেষ্টাৰ মাজত ফুটি উঠা আইৰণি আমাৰ বহুদিনৰ চিনাকি। অসমীয়া সমাজখনৰ ৰীতি-নীতিয়ে অহৰহ প্ৰটাগনিষ্ট আৰু আনবোৰ অসমীয়া চৰিত্ৰৰ মনত দ্বিধাৰ সৃষ্টি কৰি আছে। দুখন গণতান্ত্রিক দেশৰ প্ৰমূল্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাস, স্বাধীনতা সংগ্রাম, দীঘলীয়া গৃহযুদ্ধ, ক্রমৱর্ধমান যুৱ উশৃংখলতা আদি সকলো ঘটনা-পৰিঘটনা উপন্যাসখনৰ মাজলৈ অনাৰ পিছতো সাৱললিতা হ্রাস নোপোৱাৰ কাৰণে লেখিকা নিঃসন্দেহে প্রশংসাৰ যোগ্য।

কোনো প্রশ্ন নকৰাকৈ সিদ্ধার্থই পঠোৱা ডিভোর্চ পেপাৰত চহী কৰিও সময়ে-সময়ে বিষাদত ভোগা গায়ত্ৰীৰ মাজত ভাৰতীয় নাৰীৰ উপস্থিতি বিচাৰি পাওঁ। উপন্যাসৰ সমাপ্তিৰ সময়ত ষ্টিফেন্সৰ নিৰুদ্দেশৰ পিছতো টিনএজ পুত্ৰ গৌৰৱৰ এটা প্রশ্নত মনৰ সকলো সংশয় আতৰাই গৰ্ভত অংকুৰিত হোৱা ষ্টিফেন্সৰ সন্তানক জন্ম দিবলৈ মানসিকভাৱে প্রস্তুত হোৱা গায়ত্ৰীৰ চৰিত্ৰটো লৈ এক মহাকাব্যিক প্রশান্তি আৰু সৌন্দর্য্য প্রদান কৰিছে।

পূর্বায়ন প্রকাশনৰ পৰা প্ৰকাশিত ৩৩৪ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ৪৪০ টকা। যিকোনো সংবেদনশীল পাঠকে এই উপন্যাসখনক আঁকোৱালি ল'ব।

লীনা শৰ্মাৰ "সাগৰিকা": এটা পৰ্য্যালোচনা
অন্ত পৰিল এক দীঘলীয়া পৰিক্ৰমাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in