নগা পুৰুষ প্ৰধান জনজাতীয় সমাজত প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰীত্বৰে ছালহাউটুনুও ক্ৰুছ নাগালেণ্ডৰ ৰাজনীতিত এক নতুন ইতিহাস

নগা পুৰুষ প্ৰধান জনজাতীয় সমাজত  প্ৰথমগৰাকী মহিলা কেবিনেট মন্ত্ৰীত্বৰে  ছালহাউটুনুও ক্ৰুছ নাগালেণ্ডৰ ৰাজনীতিত এক নতুন ইতিহাস

২ মাৰ্চত ঘোষণা কৰা হ'ল নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । এক অন্য ইতিহাসৰ সৃষ্টি কৰি নিৰ্বাচনত জয় লাভ কৰিলে মহিলা প্ৰাৰ্থী ছালহাউটুনুও ক্ৰুছে । নাগালেণ্ডৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মহিলা প্ৰাৰ্থী বিধায়ক পদত নিৰ্বাচিত হ'ল । এই পদক্ষেপ ভৱিষ্যত প্ৰজন্মৰ বাবে এক ইতিহাস হৈ ৰওক । সেই সন্দৰ্ভতেই অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত মণ্টুচ কোঁৱৰৰ এই লেখা

২০২৩ চনৰ সদ্য সমাপ্ত চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল বহুকেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ১৯৬৩ চনত সুকীয়া ৰাজ্য স্বীকৃতি লাভ কৰা পাহাৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন পট পৰিৱৰ্তন দেখা গৈছে। বিশেষকৈ ৬০ বছৰীয়া নাগালেণ্ডৰ বিধানসভাৰ ইতিহাসত দুগৰাকী মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে । তাৰে এগৰাকী নগা মহিলাই প্ৰথমবাৰৰ বাবে নেইফিউ ৰিঅ'ৰ মন্ত্ৰীসভাৰ কেবিনেটত স্থান লাভ কৰি এক ইতিহাস ৰচনা কৰিছে।

ই সমগ্ৰ নগা নাৰীৰ সমাজৰ বাবে এক ইতিবাচক দিশ । পুৰুষ প্ৰধান নগা জনজাতীয় সমাজত নাৰী সৱলীকৰণৰ ই এক নতুন যুগৰ সূচনা বুলি অভিহিত কৰিব পাৰি । নগা গাঁৱসমূহত স্বনিয়ন্ত্ৰণৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বৈশিষ্ট্য থকাৰ বাবে নাগালেণ্ডত ৰাজনীতিত নাৰীৰ সক্ৰিয় অংশগ্ৰহণ একপ্ৰকাৰ নিষিদ্ধ আছিল । কিন্তু আধুনিক গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰি বাবে ২০১৮ চনৰ পৰাই চৰকাৰে নাগালেণ্ডৰ পৌৰসভা আৰু পৌৰ নিগমত ৩৩% মহিলাৰ বাবে আসন সংৰক্ষণ কৰা আইন অনুমোদন কৰিছিল যদিও ৰূপায়ন ক্ষেত্ৰত একাংশ জনগোষ্ঠীয় সংগঠনৰ মাজত বাদ-বিবাদ চলি আছিল । তাৰ মাজতে এইবাৰৰ চতুৰ্দশ বিধানসভাৰ নিৰ্বাচনত নেচনেল ডেমক্ৰেটিক প্ৰ'গ্ৰেচিভ পাৰ্টি অৰ্থাৎ এনডিডিপিয়ে দুগৰাকীকৈ মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ।

আনহাতে বিজেপিয়ে কাহুলী ছেমা আৰু কংগ্ৰেছৰ ৰ’জী থমছন নামৰ দুগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও তেওঁলোক জয়ী নহ’ল। কিন্তু নিৰ্বাচনত হেকানী জাখালু আৰু ছালহাউটুনুও ক্ৰুছে জয়লাভ কৰাৰ লগে লগে নাগালেণ্ডৰ ৰাজনৈতিক ইতিহাসত নতুন যুগৰ আৰম্ভণি হয়।

উল্লেখযোগ্য যে নাগালেণ্ডত ১৩টা বিধানসভা নিৰ্বাচন হৈছিল। বিগত নিৰ্বাচন বিলাকত বহু মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল । যদিও কেতিয়াও এগৰাকী মহিলাক বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভাৰ মজিয়া গচকা নাছিল । কিন্তু এইবাৰ সেই ইতিহাস ভংগ হৈছে । ইতিমধ্যে নেইফিউ ৰিঅৰ চৰকাৰত কেবিনেট মন্ত্ৰী লাভ কৰা ছালহাউটুনুও ক্ৰুছ পেছাত এগৰাকী ব্যৱসায়ী মহিলা । তেওঁ নাগালেণ্ডৰ এগৰাকী সুপৰিচিত হোটেল ব্যৱসায়ী আৰু ব্যক্তিগত স্কুলৰ মালিক । এইবাৰৰ নিৰ্বাচনত ক্ৰুছে ৮ নং পশ্চিম আংগামীৰ সমষ্টিৰ পৰা এনডিপিপি দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰিছে ।

নেইফিউ ৰিঅ নেতৃত্বৰ চৰকাৰত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা ছালহাউটুনুও ক্ৰুছে শপত গ্ৰহণ অনুষ্ঠানৰ পিছত কয়, “মই যি কৰিব পাৰো কৰিম আৰু সকলো মহিলাকে সাহসী, আন্তৰিক আৰু কঠোৰ পৰিশ্ৰমী হ’বলৈ উৎসাহিত কৰিছো। যাতে আমি একেলগে কাম কৰি যিখিনি এতিয়াও লাভ কৰিব পৰা নাই । সেইখিনি লাভ কৰিব পাৰো ।"

ইফালে, নাগালেণ্ডৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব লাভ কৰা ক্ৰুছেৰ সন্দৰ্ভত নাগালেণ্ডৰ বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে কৈছে নাগালেণ্ডৰ বাবে ঐতিহাসিক দিন কাৰণ নাগালেণ্ডে লাভ কৰিছে প্ৰথমগৰাকী মহিলা মন্ত্ৰী । ই নাগালেণ্ডৰ মহিলা সবলীকৰণকৰ দিশত সবল খোজ । আনহাতে হেকানী জাখালুও নাগালেণ্ডৰ বিধানসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয় গৰাকী মহিলা বিধায়িকা । ৩ নং ডিমাপুৰ সমষ্টিৰ পৰা জয়লাভ ৪৭ বছৰীয়া হেকানী জাখালু নাগালেণ্ড য়ুথনেটৰ প্ৰতিষ্ঠা তথা ৰাজ্যখন এগৰাকী আগশাৰী উদ্যমী । নাগালেণ্ডৰ ডিমাপুৰত ডাঙৰ-দীঘল হোৱা হেকানী জাখালুৱে বেংগালুৰুৰ বিচপ কটন গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে।

পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক আৰু কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জাখালুৱে আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰি দিল্লীলৈ স্থানান্তৰিত হৈ পেছা অধিবক্তা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বছৰ বছৰ ধৰি দিল্লীত থকাৰ সময়তে নাগালেণ্ডৰ পৰা অসংখ্য যুৱক-যুৱতী দিল্লীলৈ কৰ্ম সংস্থাপনৰ বাবে স্থানান্তৰিত হোৱা দেখি ২০০৬ চনত তেওঁ ক'হিমালৈ উভতি আহে আৰু য়ুথনেট নামেৰে এটা বেচৰকাৰী সংস্থা (এন জি অ’) স্থাপন কৰাৰ সিদ্ধান্ত লয়। য'ত নাগালেণ্ডৰ যুৱক-যুৱতীসকলক স্বাৱলম্বীতাৰে সংস্থাপন দিব পাৰে।

উল্লেখযোগ্য ২০২২ চনলৈকে য়ুথনেটে ৫০ জন কৰ্মচাৰী নিয়োগ কৰাৰ ওপৰিও নাগালেণ্ডৰ ২৩,৫০০ৰো অধিক যুৱক-যুৱতীক বিভিন্ন দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি সহায় কৰিছে । ই উদ্যোগীসকলক তেওঁলোকৰ উদ্ভাৱনক আগুৱাই নিয়াত ক্ষেত্ৰত সহায় কৰাৰ লগতে তেওঁলোকৰ শিল্প সামগ্ৰীৰ প্ৰচাৰৰ বাবে ক'হিমাত মেড ইন নাগালেণ্ড হাব স্থাপন কৰিবলৈ সক্ষম হয় । সম্প্ৰতি এই মেড ইন নাগালেণ্ড কেন্দ্ৰটোৱে ২০২০ চনত ই-কমাৰ্চ প্লেটফৰ্ম স্থাপন কৰি আছে । তেওঁৰ এই অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা ২০১৮ চনত নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে। বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত হেকানী জাখালুৱে তেওঁ সদায় যুৱ উন্নয়ন, মহিলা সবলীকৰণ, সংখ্যালঘুৰ অধিকাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰিছে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২২চনত নাগালেণ্ডত ৰাজ্যসভাৰ সাংসদ হিচাপে এছ ফাংনন কন্যাক নিৰ্বাচিত ইতিহাস ৰচনা কৰাৰ বিপৰীতে ১৯৭৭ চনত ৰানো মেছে শ্বাইজাই প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেতিয়াৰ মুখ্যমন্ত্ৰী হোকিছে ছেমাক পৰাস্ত কৰি নাগালেণ্ড ৰাজ্যৰ পৰা ভাৰতৰ নিম্ন সদন অৰ্থাৎ লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা সাংসদ হিচাপে পৰিগণিত হৈ আন এক ইতিহাস ৰচনা কৰিছিল । সঁচা কথা কবলৈ হলে চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ বাবে দুগৰাকী মহিলা বিধায়িকা নিৰ্বাচিত হোৱাতো অতি গৌৰৱৰ বিষয় । কাৰণ ৰাজনীতিত নাৰীৰ অংশগ্ৰহণ অবিহনে কেতিয়াও এখন সমাজ বাবে ৰাজ্য আগবাঢ়ি যাব নোৱাৰে বিশেষকৈ নাগালেণ্ডৰ দৰে জনজাতীয় সমাজত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in