Advertisment

নতুন বছৰ ২০২৫

ইংৰাজী পুৰণা বছৰ ২০২৪ক বিদায় দি নতুন ২০২৫ক স্বাগতম৷ নতুন বছৰে সকলোৰে জীৱন আশা উদ্দীপনাৰ পোহৰেৰে জিলিকি উঠক৷ আশা, সম্ভাৱনা, জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে নতুন বছৰ৷  সময় কোনোৱে ধৰি ৰাখিব নোৱাৰে, অতীতক এৰি নতুনলৈ আগবাঢ়ি যোৱা যেন প্ৰকৃতিৰ নিয়ম।

author-image
Asomiya Pratidin
New Update
৭

৭ Photograph: (৭)

সকলোৱে অতিকৈ হেপাঁহেৰা আদৰিছে নৱবৰ্ষক। পুৰণিক বিদায় দি পোৱা-নোপোৱাৰ সকলো হিচাপ একাষৰীয়া কৰি যোগাত্মক দৃষ্টিভংগীৰ আদৰণি জনাইছে নতুন বছৰক। পুৰণিক বিদায় দি নতুনক আদৰাৰ এনে মধুৰ সময়তে ফটিক দত্ত দেৱ গোস্বামীৰ এটি লেখা আজি মোৰ মত শিতানত প্ৰকাশ কৰা হ'ল...

Advertisment

ইংৰাজী পুৰণা বছৰ ২০২৪ক বিদায় দি নতুন ২০২৫ক স্বাগতম৷ নতুন বছৰে সকলোৰে জীৱন আশা উদ্দীপনাৰ পোহৰেৰে জিলিকি উঠক৷ আশা, সম্ভাৱনা, জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে নতুন বছৰ৷ 
সময় কোনোৱে ধৰি ৰাখিব নোৱাৰে, অতীতক এৰি নতুনলৈ আগবাঢ়ি যোৱা যেন প্ৰকৃতিৰ নিয়ম।

সেই নিয়মত বন্দী আমি সেয়ে আগবাঢ়িছো নতুন বছৰক আদৰিবলৈ। নতুন বছৰ মানেই যেন নতুন আশা, নতুন মানেই আৰম্ভণি, নতুন মানেই ধুনীয়া। নতুনৰ গোন্ধত, নতুনৰ মোহত আমি সকলো আৱদ্ধ। সেয়ে নতুন কিতাপৰ গোন্ধে আমাৰ মন মোহে, নতুন দিন আমাৰ জীৱনলৈ আশাৰ প্ৰতীক হৈ আহে। এনেকৈ বহু আশা, সম্ভাৱনা আৰু নতুনত্বৰ মাজেৰে আহিছে নতুন বছৰ ২০২৫।

চাওতে চাওতে শেষ হ’ল এটা বছৰ কিন্তু সঁচাকৈ শেষ বুলিবলৈ জানো কিবা থাকে? শেষ মানেই যেন নতুনৰ আৰম্ভণি, শেষ মানেই যেন সপোন আৰু শেষ মানেই যে আশা। আমি প্ৰতিগৰাকী মানুহটো আশাতেই আৱদ্ধ। সেয়ে কবিয়ে কয়, আশা থাকিলেহে জীৱন থাকিব। আমি জীৱন জীয়াব জানিব লাগিব। য’ত আশা আছে তাত সপোন আছে আৰু য’ত সপোন আছে তাত জীয়াই থকা আনন্দ আছে। জীৱনটো বৰ ধুনীয়া। আপুনি,মই ভাবিব নোৱাৰা ধৰণে জীৱন সকলোৰে উৰ্ধত। আজিৰ যান্ত্ৰিক সময়ে সকলোকে যেন কোঙা কৰি পেলাইছে।

আধুনিকতা, প্ৰতিযোগিতাৰ দৌৰখনত হেৰাই যোৱাৰ উপক্ৰম হৈছে। কিন্তু জীয়াই থাকিবলৈ জানো এৰি দিব পাৰি? মানুহক মানুহৰ প্ৰয়োজন। যিমানেই ব্যস্ত সময়ে আগুৰি নধৰক কিয়, ওচৰত এখন এনে হাত ৰাখক যাৰ হাতত ধৰি আপুনি আগুৱাই যাব পাৰে, যাৰ কান্ধত পৰি আপুনি দিনৰ ভাগৰ মাৰিব পাৰে বা যাৰ আগত আপুনি কোনো চিন্তা নকৰাকৈ সকলো খুলি ক’ব পাৰে৷

কেৱল কাম বন কৰি খাই বৈ থকা মানেইটো জীৱন নহয়! জীৱনটো আটক-ধুনীয়া কৰিবলৈ আমাৰ লাগিব তীব্ৰ ইচ্ছা, হেঁপাহ আৰু নিজৰ বাবে অলপ সময়। জীৱন মানে সুখ দুখৰ সম্ভাৰ। ইয়াৰে এটা নোহোৱা হৈ গলেও যেন জীৱন তিক্ত হৈ পৰিব। আজিলৈকে জানো কেতিয়াবা এনে মানুহ দেখিছে যি সকলোফালৰ পৰা পাৰফেক্ট। আচলতে পাৰফেক্ট বুলিবলৈ একো নাথাকে।

হাঁহিমুখীয়া চেহেৰাৰ আঁৰত বিভিন্নজনে লুকুৱাই ৰাখে আন এখন পৃথিৱী। দুখ- যন্ত্ৰনা নামৰ এই পৃথিৱীখন আমাৰ সকলোৰে মনত আছে। কিন্তু সুখক গুৰুত্ব দিলে যে আমাৰ লাভ বেছি সেয়া আমি সকলোৱে জ্ঞাত। জীৱনত প্ৰাপ্তি- অপ্ৰাপ্তি বুলিবলৈ আচলতে কোনো কথা নাথাকে, যেতিয়া ইয়াৰ হিচাপ কৰা হয় তেতিয়া সকলো খেলি মেলি হৈ পৰাৰ সম্ভাৱনা থাকে।

আমি কেৱল জীৱনটো উপভোগ কৰিব লাগে, ভালদৰে সজাই আগুৱাই নিব লাগে। চাব লাগে আমি ইমানেই ভাগ্যবান যে এই পৃথিৱীত খোজ দিবলৈ সুযোগ পাইছো, আমাৰ ইমানেই সৌভাগ্য যে, আমি এটা ধুনীয়া পৰিয়াল, বন্ধু- বান্ধৱীৰে পৰিপূৰ্ণ জীৱন পাইছো। অৱশ্যে আজকালিৰ সময়ত এটা ভাল সম্পৰ্ক লাভ কৰা কঠিন। সেয়ে হয়তো সম্পৰ্কৰ মূল্য অধিক হৈ পৰিছে।

সেয়ে আপুনিও মানুহ বিচাৰক, ভাল সম্পৰ্ক গঢ়ক, সেয়া লাগিলে পিতৃ মাতৃ, ভাইটী-ভগ্নী, বন্ধু-বান্ধৱী বা আন কোনোবাই নহওক কিয়। জীৱন জীয়াবলৈ , সফলতা উপভোগ কৰিবলৈ, আনন্দ কৰিবলৈ আপোনাক মানুহৰ প্ৰয়োজন। কিন্তু এই সকলোবোৰৰ ওপৰত আছে আপুনি। যেতিয়া আপুনি নিজে সুখী হ’ব পাৰিব তেতিয়া আনক সুখী কৰিব পাৰিব।

সময় গতিশীল আৰু জীৱন এটাই। চকুৰ পচাৰতে কেতিয়া বছৰটো পাৰ হৈ যায় গ’মেই নাপাব। সেয়ে ক্ষন্তেকীয়া এই জীৱনত সুখী হোৱাৰ বাহিৰে আমাৰ ওচৰত আৰু অন্য কোনো বিকল্প নাই। ভাল -বেয়া, সুখ-দুখৰ মাজেৰে আমি সকলো গতি কৰিব লাগিব। সমাজত ভাল বেয়া সকলো দেখিব, কোনটো গ্ৰহণ কৰিব, কেনেকৈ আগুৱাই যাব সেয়া একমাত্ৰ আপোনাৰ হাতত। মাজে মাজে সকলোৰে জীৱনলৈ বিতৃষ্ণা আহে! আৰু এয়া স্বাভাৱিক কথা। কিন্তু কেতিয়াবা ভাবিবচোন, পুহমহীয়া ঠাণ্ডাত কেনেকৈ ৰাজপথত শুই আছে শিশুৰ পৰা বৃদ্ধলৈকে?

ডাষ্টবিনৰ পৰা বুটলি কেনেকৈ খাদ্য খাইছে?  বা বৃদ্ধাশ্ৰমত বহি এহাল পিতৃ মাতৃয়ে কেনেকৈ অপেক্ষা কৰিছে এবাৰ সন্তানৰ মুখ চাবলৈ? যেতিয়া আনৰ দুখ উপলব্ধি কৰিব পাৰিব তেতিয়া গ’ম পাব যে আমাৰ জীৱনটো কিমান ধুনীয়া। মাজত মাত্ৰ অলপ সময়। পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া। এবাৰ সংকল্প লওকচোন এই নতুন বছৰত নিজৰ বাবে কিবা কৰিবলৈ, নিজৰ পৰিয়াল বা আনৰ সহায় কৰিবলৈ। জীৱনটো ধুনীয়া কৰি তুলিবলৈ সকলো কামেই কৰক। জীৱনটো সুখ- দুখ, প্ৰাপ্তি-অপ্ৰাপ্তিৰ ৰঙীণ লাইটেৰে ভৰাই তোলক।

জীৱনটো সঁচাই বহু ধুনীয়া। জীয়াই থাকিবলৈ শিকক। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাওক। ভালে থাকক আপুনি আৰু আপোনাৰ পৰিয়াল, বছৰটো শুভ হওক। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ৷

নতুন বছৰ