/asomiyapratidin/media/media_files/2025/05/14/s0kXl8gmm1NQrd7LPYZW.jpg)
৭ মে'ৰ পৰা আৰম্ভ হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধ সদৃশ সংঘাতৰ অৱসান ঘটিল। দুয়ো দেশেই যুদ্ধ বিৰতি ঘোষণা কৰিলে। ভাৰতে স্পষ্টকৈ সকিয়াই দিছে দেশখনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ কোনো কাৰণেত মানি নলয়। পিছে পাকিস্তানতে মুকলিকৈ ঘূৰি ফুৰা সন্ত্ৰাসবাদী গোটৰ নেতাক দেশখনৰ চৰকাৰে ভাৰতক গটাবনে? কোন কোন ম'ষ্ট ৱাণ্টেডৰ আৱাসস্থলী পাকিস্তান? এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক, পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ এই লেখ এইবাৰৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
ভাৰতৰ মাটিত সংঘটিত ভয়ানক আক্ৰমণ, হত্যা আদিৰ বাবে পাকিস্তানত থিতাপি লৈ থকা সন্ত্ৰাসবাদীসকলেই দায়ী। দুৰ্ভাগ্যজনকভাৱে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ দ্বাৰা এইসকল পালিত হৈ আহিছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে শিবিৰ স্থাপন কৰি ভাৰতৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ, হত্যা, লুণ্ঠন আদিকে ধৰি পাকিস্তানে সমগ্ৰ এল অ’ চিত গোলাবৰ্ষণ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি কৰি আহিছে।
বছৰ বছৰ ধৰি পাকিস্তানে কাশ্মীৰত সন্ত্ৰাস চলায় আহিছে। কূটনৈতিক হেঁচা আৰু বিশ্বৰ বিভিন্ন অঞ্চলত নিষেধাজ্ঞা থকাৰ পাছতো পাকিস্তানত এইসকলে নিৰাপদে আশ্ৰয় লৈ আহিছে। ২০০৮ চনৰ মুম্বাই আক্ৰমণ, জয়পুৰ, আহমেদাবাদত বিস্ফোৰণ, ২০১১ চনত মুম্বাই, দিল্লীত বিস্ফোৰণ, ২০১৩ চনত হায়দৰাবাদত বিস্ফোৰণ, ২০১৬ চনত উৰি আক্ৰমণ, ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত শেহতীয়াকৈ চলিত বৰ্ষৰ ২২ এপ্ৰিলত পহেলগামত কুটাঘাট সংঘটিত কৰি আহিছে।ভাৰত-পাকিস্তানৰ শেহতীয়া সংঘাত আৰু ইয়াৰ পাছৰ পৰিস্থিতিত আমেৰিকাৰ ভূমিকাক লৈ বিতৰ্কৰ সূচনা হৈছে।
তাৰ মাজতেই প্ৰশ্ন উঠিছে ভাৰতে বিচৰা আটাইতকৈ দুৰ্ধষ সন্ত্ৰাসবাদী কেইজন পাকিস্তানে গটাবনে?
হাফিজ মহম্মদ ছৈইদঃ মুম্বাইত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈইদ। লস্কৰ-ই-তৈইবাৰ প্ৰতিষ্ঠাপক হাফিজে বৰ্তমান লাহোৰত বাস কৰে। দীৰ্ঘদিন ধৰি পাকিস্তানতে থাকি মুক্তভাৱেই কাম কৰি আহিছে এই দুধৰ্ষ সন্ত্ৰাসবাদীটোৱে।
মাছুদ আজহাৰঃ মাছুদ আজহাৰ সন্ত্ৰাসবাদী সংগঠন জয়ছ-ই-মহম্মদ (JeM)ৰ প্ৰতিষ্ঠাপক। আজহাৰে পাকিস্তানৰ বাহাৱালপুৰত বাস কৰে। এই মাছুদ আজহাৰক ভাৰতে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰখাৰ মুহূৰ্ততে হৰকট উল্লা মুজাউদ্দিনৰ পাঁচজনীয়া এটা দলে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত ১৯০জন যাত্ৰী কঢ়িয়াই অনা কাডমাণ্ডুৰ পৰা দিল্লী অভিমুখী ইণ্ডিয়ান এয়াৰ লাইনচ বিমানখন হাইজেক কৰি আফগানিস্তানৰ কান্ধাৰ বিমান বন্দৰলৈ লৈ গৈছিল।
ভাৰত চৰকাৰে তেওঁলোকৰ দাবীৰ পৰিপ্ৰেক্ষিতত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰক কান্ধাৰলৈ নি গটাই দিয়াতহে যাত্ৰীসহ বিমানখন উদ্ধাৰ কৰে। ২০০১ চনত সংসদ ভৱন আক্ৰমণ আৰু ২০১৯ চনত পুলৱামাত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত চি আৰ পি এফৰ ৪০ জনতকৈ অধিক জোৱানক হত্যা কৰাকে ধৰি ভাৰতৰ মাটিত কেইবাটাও ভয়ানক আক্ৰমণৰ মাষ্টাৰমাইণ্ড মাছুদ।
ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী আজহাৰক পাকিস্তানে আশ্ৰয় দি আহিছে। যোৱা ৬ মেৰ মাজনিশা ভাৰতীয় সেনাৰ আক্ৰমণত তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য নিহত হোৱাৰ খবৰ পোৱা গৈছে।
চৈয়দ চালাহুদ্দিনঃ ছালাহুদ্দিন হিজবুল মুজাহিদীনৰ মুৰব্বী আৰু সংযুক্ত জেহাদ পৰিষদৰ মুৰব্বী বুলি জানিব পৰা গৈছে। তেওঁ পাকিস্তানে দখল কৰা কাশ্মীৰ (PoK) ৰ থাকি কুটাঘাট কাৰ্যকলাপ চলাই আছে। জম্মু-কাশ্মীৰত আক্ৰমণত হাত থকাৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে। আনকি পাকিস্তানৰ মাটিৰ পৰা তেওঁ টেলিভিছনত বক্তব্যও দিয়ে।
জাকি-উৰ-ৰেহমান লখৱীঃ লস্কৰ-ই-তৈবাৰ এজন জ্যেষ্ঠ অধিনায়ক জাকি-উৰ-ৰেহমান লখৱী আছিল ২৬/১১ মুম্বাইত সংঘটিত আক্ৰমণৰ মূল পৰিকল্পনাকাৰী। ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিষিদ্ধ সন্ত্ৰাসবাদী হোৱাৰ লগতে ভাৰতে বাৰে বাৰে প্ৰত্যাৰ্পণৰ দাবী উত্থাপন কৰাৰ পিছতো লখৱীক পাকিস্তানে পোহ পাল দি আহিছে। পাকিস্তানৰ ভিতৰৰ পৰা সন্ত্ৰাসবাদী বিত্তীয় সাহায্যৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
ছাজিদ মিৰঃ ছাজিদ ২৬/১১ মুম্বাই আক্ৰমণৰ সমন্বয়ত মুখ্য ভূমিকা পালন কৰিছিল। যদিও পাকিস্তানে প্ৰথমতে তেওঁৰ অস্তিত্ব অস্বীকাৰ কৰিছিল, পিছত তেওঁলোকে তেওঁক জেলত ভৰোৱা বুলি দাবী কৰিছিল।
ডাউদ ইব্ৰাহিম কাস্কাৰঃ মষ্ট ৱাণ্টেড ডাউদ ইব্ৰাহিম কাস্কাৰ ১৯৯৩ চনৰ মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড। আই এছ আইৰ সুৰক্ষাত কৰাচীত আত্মগোপন কৰি থকা বুলি অনুমান কৰা হৈছে আৰু তেওঁ নিচাযুক্ত সন্ত্ৰাসবাদ আৰু বিশ্বব্যাপী ধন সৰবৰাহৰ সৈতেও জড়িত। ভাৰত চৰকাৰে ডাউদ ইব্ৰাহিম কাস্কাৰক বিচাৰি পাকিস্তানক কেইবাৰো দাবী জনাই অহাৰ পাছতো কিন্তু এইক্ষেত্ৰত সফল হব পৰা নাই ভাৰত চৰকাৰ।
ৰিয়াজ ভাটকলঃ ৰিয়াজ ভাৰতীয় মুজাহিদীনৰ সহ-প্ৰতিষ্ঠাপক। দিল্লী, বেংগালুৰু আৰু পুনেত কেইবাটাও বিস্ফোৰণৰ পৰিকল্পনা সৈতে জড়িত ৰিয়াজ ভাৰতৰ অন্যতম শক্ৰ।
ভাৰত চৰকাৰে ৰিয়াজৰ সন্ধান বৰ্তমানলৈকে লাভ কৰা নাই। ক'ত আত্মগোপন কৰি আছে সেই সন্দৰ্ভতো নিৰ্দিষ্ট তথ্য নাই। অনুমান কৰা হৈছে যে ৰিয়াজ আই এছ আইৰ সুৰক্ষাত পাকিস্তানত বাস কৰি আছে।
গতিকে এই দুধৰ্ষ সন্ত্ৰাসবাদী কেইটাক পাকিস্তানে ভাৰতক গটাই দিবলৈ ভাৰতে পুনৰ দাবী তুলিব নে? অন্যহাতে আমেৰিকান সেনাই আল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনক ২০১১ চনৰ ২ মে'ত পাকিস্তানত আত্মগোপন কৰি থকা অৱস্থাত হত্যা কৰিছিল। গতিকে ভাৰতে গৈয়ো অনুৰূপ ধৰণে পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদী হত্যা কৰাত কোনো বাধা থাকিব নোৱাৰে।