/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2e417ad6-af52-4494-adb2-3bf9ef4854ab/mur_mot_1.jpg)
আজি আন্তৰ্জাতিক নাৰী দিৱস । প্ৰতি বছৰেই ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই দিৱস । কিন্তু এই দিৱসৰ অন্তৰালৰ তাৎপৰ্য অনুধাৱন কৰি আগুৱাই যোৱাটো সকলোৰে বাবে সম্ভৱ হয় নে ? এই সন্দৰ্ভত আজিৰ মোৰ মত শিতানত মাকুম মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা দুলুমণি দেৱীৰ এই লেখা -
সৃষ্টিকর্তাৰ এক অনুপম অৱদান হ'ল নাৰী l আমি সকলোৱে জানো যে ভাৰতবর্ষ অৰ্থনৈতিক দিশত বহু শক্তিশালী নহয় I কিন্ত নাৰীৰ সৱলীকৰণ এটা গুৰুত্বপুর্ণ বিষয় হিচাপে বর্তমান থিয় দিছে I চাকৰি বা ব্যৱসায় বাণিজ্যৰ যোগেদিয়েই হওঁক নাৰী স্বাৱলম্বিতা দিনক দিনে বহুগুণে বৃদ্ধি পাইছে I যাৰ ফলত নাৰী এখোপ এখোপকৈ উন্নতিৰ জখলাত বগাব পাৰিছে I
কর্মস্পৃহা থাকিলেহে সপোন বাস্তৱায়িত হয় I আজিৰ নাৰী সমাজত সেয়া দেখা যায় I যাৰ ফলত চৰকাৰেও বহু দিশত কর্মনিয়োজন ব্যৱস্থাৰ সৃষ্টি কৰিছে I আত্মসহায়ক গোটসমূহে বহুতো নাৰীক স্বাৱলম্বী হবলৈ শিকাইছে I যেনেকৈ উন্নত পদ্ধতিয়ে নার্চাৰী খোলা ,মেটেকাৰ পৰা বেগ ,মেট ,কঠ ইত্যাদি তৈয়াৰ কৰি বিক্ৰী কৰি নিজৰ লগতে ঘৰখনকো সহায় কৰে I তদুপৰি বহু নাৰীয়ে পুৰুষৰ সমানে বজাৰত সামগ্ৰী বিক্ৰী কৰি ঘৰ চলায় I
বর্তমান সমগ্র বিশ্বখন এখন গাঁৱত পৰিণত হৈছে I উন্নত প্রযুক্তিবিদ্যাৰ বাবে সেয়া সম্ভৱ হৈছে I যাৰ ফলত কিনা বেচা অতি সহজ হৈ পৰিছে I নিত্য ব্যৱহার্য প্রতিটো সামগ্ৰী অতি সহজে উপলব্ধ হৈছে Iঘৰতে বহি মহিলাসকলে ইউটিউব অথবা গুগল ইত্যাদিত চাৰ্ছ কৰি বহু কথাই শিকিব পাৰে l সামাজিক ,আৰ্থিক ,সাংস্কৃতিক সকলো দিশতে আজি নাৰীৰ অগ্রণী ভূমিকা দেখিবলৈ পাওঁ I এয়া সঁচাই গৌৰৱ সকলোৰে বাবে l