Advertisment

জৈন মুনিৰ জীৱন আৰু সাধনা

আজীৱন অহিসং ব্রত পালন কৰি বিশ্বৰ সমস্ত জনগণ আৰু প্ৰাণীকুলৰ মঙ্গলৰ বাবে সর্বত্যাগী জীৱন-যাপন কৰে জৈন মুনি সকলে।

author-image
Asomiya Pratidin
New Update
জৈন মুনিৰ জীৱন আৰু সাধনা

আজীৱন অহিসং ব্রত পালন কৰি বিশ্বৰ সমস্ত জনগণ আৰু প্ৰাণীকুলৰ মঙ্গলৰ বাবে সর্বত্যাগী জীৱন-যাপন কৰে জৈন মুনি সকলে। অমৃতময় জ্ঞানৰ প্ৰসাৰ আৰু নিঃস্বাৰ্থ সেৱাৰে মোক্ষ লাভৰ বাবে ইচ্ছা মৃত্যু বৰণ কৰা এই মুনি সকলৰ বিষয়ে চমু অৱলোকন কৰিছে নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ চন্দ্ৰ নাথে। আজিৰ 'মোৰ মত'ত জৈন মুনি সকলৰ বিষয়ে-

Advertisment

যোৱা জুন, ২০২৩ ইং মাহৰ পৰা গুৱাহাটী আৰু নলবাৰীত চাতুর্মাস ব্রত পালন কাৰ থকা তিনি গৰাকী জৈন মুনি আৰু আর্যিকা মাতা কেইবাগৰাকীক অসমৰ কম সংখ্যক পুণ্যার্থীয়ে দর্শন কৰি ধন্য হৈছে। মুনি দৰ্শন বহুত পূণ্যৰ ফলতহে সম্ভৱ হয় বুলি জ্ঞানী সকলে কয় । আমাৰ অসমৰ বহু সংখ্যক লোকেই বিতৰাগী, সর্বত্যাগী জৈন মুনি সকলৰ জীৱনধাৰা সম্বন্ধে বিশেষকৈ জানিবলৈ সক্ষম নোহোৱা বাবেই মুনি দৰ্শনৰ বাবে আগ্রহী নহয় যেন লাগে ।

অসমৰ ধৰ্ম ক্ষেত্ৰৰ শীৰ্ষ ব্যক্তি, শান্তি সাধনা আশ্ৰমৰ প্ৰতিষ্ঠাতা বিদগ্ধ পণ্ডিত পূজ্য হেম ভাই দেৱে বিখ্যাত শ্বেতাম্বৰ আচাৰ্য্য মহাপ্রজ্ঞ,‘পুষ্পগিৰি' প্রতিষ্ঠাতা জৈনাচাৰ্য ১০৮ পুষ্পদন্ত সাগৰ জী মহাৰাজৰ সান্নিধ্য আৰু জ্ঞান লাভ কৰি ধন্য হৈছে। তেখেতে কৈছে “দিগম্বৰ বা নগা সাধুসকলৰ বহুতেই বিপুল ধন সম্পত্তিৰ অধিকাৰী আছিল। এনে অৱস্থাক ত্যাগ কৰি সৰ্ব সংগ্রহ পৰিত্যাগ কৰা ব্যক্তি সকল মানৱৰ মাজত আবিৰ্ভাৱ হোৱা ভগৱান নহৈ আৰু কি হ'ব পাৰে? সেইসকলৰ দৰ্শনত অজ্ঞানী বা দুৰ্ভগীয়া সকলেহে লজ্জা অনুভৱ কৰে। সৌভাগ্যৱানসকলে তেখেতসকলৰ চৰণত মস্তক নমাই গৌৰৱ অনুভৱ কৰে।”

জৈন মুনি সকলৰ জীৱনচর্যা সম্পর্কে-

১) জীৱনত কোনো বস্তুৰ প্ৰতি অনুৰাগ নাথাকে বাবে জৈন মুনিক বীতৰাগ মুনি বুলি কোৱা হয় ।

২) মুনি সকলৰ কোনো নির্দিষ্ট ঠিকনা নাথাকে। নিজ ইচ্ছা অনুসৰি কোনো বাহনত নুঠি খালী ভৰিৰে আজীৱন পদযাত্ৰা কৰি ফুৰে বাবে জৈন মুনিক শ্রমণ বোলা হয় ।

৩) ঠাণ্ডা, গম বা বাৰিষাতো বস্ত্ৰ ধাৰণ নকৰি আজীবন নগ্ন হৈ থাকে বাবে জৈন মুনিক দিগম্বৰ বোলা হয়।

৪) জৈন মুনিয়ে দিনটোত মাত্ৰ এবাৰ কৰপাত্ৰ (হাতৰ তলুৱা দুখন লগ লগাই)ত একে ঠাইতে থিয় হৈ আহাৰ খায়। দ্বিতীয়বাৰ পানীও গ্ৰহণ নকৰে। খাওঁতে চুলি বা অন্য বস্তু আদি খাদ্যত দেখিলে নোখোৱাকৈ থাকে।

৫)জৈন মুনিয়ে কোনো পৰিস্থিতিতে কোনো বস্তু বা ভোজন সামগ্ৰী আনৰ পৰা মাগি নাখায় ।

৬) জৈন মুনিয়ে কেতিয়াও কেচি, ব্লেড আদি অস্ত্ৰৰ বা বহাৰ নকৰে। নিজৰ মূৰৰ চুলি আৰু দাড়ি- মোচ আদি নিজ হাতেৰে উভালি পেলায়। নখবোৰ ব্লেডেৰে নাকাটি টান বস্তুত ঘঁহি ক্ষয় কৰে।

৭) জৈন মুনিয়ে কোনো টকা-পইচাৰ লেন-দেন নকৰে। ভক্ত সকলৰ দ্বাৰা যি ব্যৱস্থা হয় তাৰেই জীৱিকা চলে (পৰিচালিত হয়)।

৮) সাধাৰণতে জৈন মুনি চিৰকুমাৰ। বিবাহিত লোকে ঘৰ, পৰিয়াল ত্যাগ কৰিহে মুনি হ'ব পাৰে ৷

৯) তৃণ-জাৱৰে আৱৰা ঠাইত খোজ নাকাঢ়ে জৈন মুনিয়ে। কিয়নো নেদেখাত তৃণৰ তলত -পতঙ্গ মৰিব পাৰে। সেয়েহে জৈন মুনিসকলে বাৰিষা কালত চাৰি মাহ একে ঠাইতে থাকি চাতুর্মাস ব্রত পালন কৰে ৷

১০) জৈন মুনিয়ে অহিংসা, সত্য, অচৌৰ্য্য, ব্ৰহ্মচৰ্য্য আৰু অপৰিগ্ৰহ (সকলো বস্তু ত্যাগ) এই পাঁচটা মহাব্রত পালন কৰে ৷

১১) জৈন মুনিসকলে ভাৰতত য'লৈকে যায় তাতেই মানৱতা, প্রেম, আত্মীয়তা, বাৎসল্যতাৰ বাণী প্ৰচাৰ কৰে ।

১২) তেওঁলোকে শৰীৰত পানী ঢালি স্নান নকৰে । কমণ্ডলুত থকা পানী মাথো শৌচ শুদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। ঘাম ওলালে লগত থকা সংগী, বা শিষ্যই টাৱেলেৰে ঘাম মছি দিয়ে।

১৩) কোঠালিত মাত্ৰ কঠ পাৰি শয়ন কৰে। আন কাপোৰ বা গাৰু ব্যৱহাৰ নকৰে ।

১৪) বাওঁফালটো তল কৰি শয়ন কৰে। বাগৰ নসলায়।

১৫)। কমণ্ডলু আৰু ময়ূৰ পাখীৰ গুচ্চ হাতত লৈ থাকে। বহিব বা শুব লগা হ'লে ময়ূৰৰ পাখীৰে ঠাইখিনি চাফ কৰি লয়, কিয়নো তাত চকুৰে নেদেখা কীট আদি থাকিলে মৰিব পাৰে । ময়ূৰ পাখীৰ গুচ্চ অহিংসাৰ প্ৰতীক ।

১৬) জৈন মুনি সকলে ৰাতি ৭-৮ বজাৰ পিছত মৌনতা অৱলম্বন কৰে । কিবা ক'ব লগা থাকিলে ইংগিতেৰে কয়।

১৭) জৈন মুনি সকলে নহুৰু, পিঁয়াজ, আলু, গাজৰ, বন্ধাকবি, ফুলকবি, বেঙেনা আদি ভোজন নকৰে।

১৮) জৈন মুনি সকলে যিদিনালৈকে থিয় হৈ আহাৰ গ্ৰহণ কৰিব পাৰে, সেই দিনালৈকেহে আহাৰ গ্ৰহণ কৰে। থিয় হ'ব নোৱাৰা দিনৰ পৰা সকলো আহাৰ পানী ত্যাগ কৰি অনাহাৰে থাকি মৃত্যু বৰণ কৰে। ইয়াকে মুনিৰ সল্লেখনা গ্ৰহণ কৰা বোলে ।

Also Read: কৃষ্ণচূড়া ফুলি থাকক...