কৃষ্ণচূড়া ফুলি থাকক...

কৃষ্ণচূড়া ফুলি থাকক...

উত্তৰ-পূৱৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে ১৯৪৮ চনৰ পৰাই অহৰ্নিশে জিলিকাই আছে লুইতৰ পাৰ। প্ৰতিবছৰে শত-শত জ্ঞানপিপাষু নতুনে ভিৰ কৰেহি কৃষ্ণচূড়ানগৰীৰ দুৱাৰদলিত। বিশ্ববিদ্যালয় জীৱনৰ এই সকলোবোৰ আৱেগ সামৰি বিশ্ববিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ প্ৰণৱ কুমাৰ ভৰালীয়ে নিৰ্মাণ কৰিছে 'কৃষ্ণচূড়া ডট কম'। এই ৱেবচিৰিজৰ আঁত ধৰিয়েই ড০ উৰ্বৰ্শী মহন্তৰ মোৰ মত-

মোৰ বয়স তেতিয়া ৮ কি ৯। গাঁৱৰ ঘৰত বন্ধাই থোৱা ঠাক ঠাক প্ৰান্তিক। খুড়াৰ টেবুলত ইংৰাজী সাহিত্য। ইংৰাজীৰ বৰ্ণ পৰিচয় হোৱাই নাই গতিকে কোনো উৎসুকতা নাই। অন্যতম আকৰ্ষণ প্ৰান্তিকবোৰ আৰু খুড়াৰ টেবুলৰ কাষতে বাঁহৰ ৰেকত থকা এটা চ্যুটকেছ। চ্যুটকেছটোত তলা মৰাৰ ব্যৱস্থা নাই। সকলো সময়তে খুড়াৰ টেবুলখনত পিটপিটাই থকা দেখি সকলোৰে কাঢ়া নিৰ্দেশ- "এইটো নুখুলিবি"। আইতাই কয় - "টেবুলত বহি পঢ় কিন্তু মানা কৰা বস্তু নুচুবি"।

প্ৰথমবাৰৰ কথা মনত নাই কিন্তু ক্ৰমান্বয়ে খুড়া ঘৰৰ বাহিৰ ওলালেই চ্যুটকেছ খোলা অভ্যাসত পৰিণত হ'ল। চ্যুটকেছটোত এখন চিঠি আছিল। খুড়াৰ কলেজৰ অনুজ এজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দিয়া এখন সৰু চিঠি। তাত আৰু বহু চিঠি আছিল কিন্তু মই প্ৰেমত পৰিছিলো সেই বিশেষ চিঠিখনৰ। চিঠিখনৰ ভাৱ বুজোতে আধা বয়স গ'ল! খুড়াৰ বন্ধু ভাইয়ে লিখিছিল - "বহুত আশা কৰি বিশ্ববিদ্যালয়লৈ আহিছিলো কৃষ্ণ দা। কিন্তু সপোন মধুৰ বাস্তৱ গধুৰ!"

কথাটো আজিও প্ৰায়েই মনত পৰে। 'সপোন মধুৰ বাস্তৱ গধুৰ' শব্দটোৱে মোক উপৰ্যুপৰি দ্বিধাগ্ৰস্ত কৰিছিল।শৈশৱৰ পাহৰি যোৱা হাজাৰ কথাৰ মাজত এইটো কিয় ইমান জীৱন্ত হৈ ৰ'ল নাজানো। ২৫ আগষ্টৰ নিশা ৰীলড্ৰামা এপত প্ৰণৱ ভৰালীৰ পৰিচালনাৰ কৃষ্ণচূড়া ডট কম চালো। চোৱাৰ পাছত একেখন চিঠিৰ কথাই আকৌ মনত পৰিল। এনে লাগিল কৃষ্ণচূড়াৰে এটা চৰিত্ৰ ভায়েকে যেন কোনোবা ককায়েকলৈ লিখিছে- ককাইদেউ বৰ আশাৰে বিশ্ববিদ্যালয়লৈ আহিছিলো কিন্তু সপোন মধুৰ বাস্তৱ গধুৰ! অসমৰ জনতাই এদিন এনেকুৱা একাংশ ডেকাকে গামোছা পাৰি আদৰি আনি ৰাজ্য শাসনৰ দায়িত্বভাৰ দিছিল। পাছলৈ ৰাইজৰ বাবেও সেয়া 'সপোন মধুৰ বাস্তৱ গধুৰ' হোৱাতো এক পৃথক বিষয়।

কৃষ্ণচূড়াতো কিছু সপোনৰ কথা আছে। আকাংক্ষা, উচ্চাকাংক্ষা আৰু অতিআকাংক্ষা প্ৰতিষ্ঠাৰ যুঁজখনত অধিকাৰ হেৰুওৱাৰ কথা আছে। কৃষ্ণচূড়া ডট কম সুদীৰ্ঘকালীন এক আৱেগক নিটোল ৰূপত তুলি ধৰাৰ সফল প্ৰয়াস। বিশ্ববিদ্যালয় হোষ্টেলৰ কাহিনীবোৰৰ এক বিশ্বজনীন সাদৃশ্য আছে। প্ৰণৱ ভৰালীৰ পৰিচালনাৰ দক্ষতা যে তেওঁ চিনেমেট্ৰিক ট্ৰিটমেণ্টক প্ৰতি মুহূৰ্ততে ধৰি ৰাখিব পাৰিছে। কোনো পৰিস্থিতিতে কাহিনীৰ আবেদন হৰহৰাই উঠি হৰহৰাই নমা নাই।

কাহিনী নিৰ্মাণৰ সমানেই চৰিত্ৰ নিৰ্বাচন,গঠন আৰু প্ৰতিপালন অতি জৰুৰী। কৃষ্ণচূড়াৰ প্ৰতিটো চৰিত্ৰই নিজক উপস্থাপন কৰিবলৈ সক্ষম আৰু ইয়াৰ সিংহ ভাগ দাবী কৰে পৰিচালনাৰ কিটিপে। এইখিনিতে কেমেৰাৰ কথাও ক'ব লাগিব। কেমেৰা চলাব জনা আৰু কেমেৰাৰে চাবলৈ শিকোৱাৰ মাজত বিশাল পাৰ্থক্য। চন্দ্ৰ কুমাৰৰ সেই নান্দনিক চকুযোৰ আছে। সম্পাদনা বিষয়টো দাইলত জোখ মতে নিমখ হালধি দিয়াৰ দৰে। অলপ কম বেছি হ'লে মুখত দিবলৈ টান। উদ্দীপ্তৰ কাম জোখৰ। সেয়া অত্যন্ত জৰুৰী। শ্বটটো লোৱা আছে বুলি মোহত বন্দী নহৈ কাহিনীয়ে কি বিচাৰে জানিলেই চাগে সম্পাদনা সফল!

অন্য বহু চিৰিজতকৈ কৃষ্ণচূড়াৰ সংগীতত যে গুৰুত্ব দিয়া গৈছিল সেয়া স্পষ্ট আৰু সেই অনুপাতে তেওঁলোক সফলো হ'ল। কৃষ্ণচূড়াত আছে পৈনত বয়সৰ গণনাত্মক সিদ্ধান্তৰ পাছতো দায়িত্বপূৰ্ণ বুজাপৰা। স্বপ্নভংগৰ মাজতো জাগি উঠা সপোন আৰু ক'ৰবাত সপোনৰ চিৰপতন! চিৰাচৰিত প্ৰেমৰ পোৱা নোপোৱাৰ ঢল। যুৱ সমাজৰ অকালীন শূন্যতাৰ সমাধান কেতিয়াও হোৱা নাই আৰু হয়তো নহ'ব! তাৰ মাজতো আপোন বিশ্ববিদ্যালয়খনৰ সন্মান ৰক্ষাৰ্থে আমি নিজৰ লগতে যুঁজো। প্ৰতিটো চৰিত্ৰই লাগে ক্ষন্তেকৰ বাবেই হওক দৰ্শকক কৈ থৈ গৈছে- মোক ইয়াৰ পৰা ওলাই পাহৰিব নোৱাৰা।

সেয়ে চাই থাকোতে দৰ্শকৰ কাৰোবালৈ নহয় কাৰোবালৈ মনত পৰিবই। খং উঠিব। দুখ লাগিব। হাঁহি উঠিব। বিৰক্তি জাগিব। চিৰিজখনত প্ৰয়োগ হোৱা বেয়া শব্দবোৰ হয়তো কিছু কিছুৱে অধিক বুলি ভাবিছে। ব্যক্তিগত অভিজ্ঞতাৰে হোষ্টেল এখনত বা এটা বয়সত বেয়া শব্দৰ প্ৰয়োগ নোহোৱা মানেই কিবা খেলিমেলি! কিন্তু একেখিনি ছাত্ৰই জানে যে এই শব্দবোৰ বন্ধু মহলতে সীমাবদ্ধ। হোষ্টেলত থাকি যোৱা ছাত্ৰজনে শিকে জিভাক ক'ত লেকাম লগাব লাগিব।

কমল লোচনৰ অভিনয় যথেষ্ঠ পৰিপক্ক আৰু তেওঁ এই সময়ৰ এজন জনপ্ৰিয় অভিনেতা। মঞ্চ আৰু কেমেৰা দুয়োটা মাধ্যমতে কমলে ভাল ভাল কাম উপহাৰ দিছে। কিন্তু তাৰ মাজতে নৱাগত হীতাৰ্থ স্বাভাৱিক অভিনয়েৰে জিলিকি উঠিল। প্ৰতিটো চৰিত্ৰক পৃথক আকাৰে সজাব পৰাৰ কৃতিত্বও চিত্ৰনাট্য আৰু পৰিচালকৰে।

ৰোনাল্ড হুছেইনৰ প্ৰৱেশৰ দৃশ্যটো ইমানেই বিৰক্তিকৰ যে সমগ্ৰ চিৰিজটোত সেই বিৰক্তি দূৰ নহ'ল। অভিনয় নহয় যেন বাস্তৱৰ কোনো চিনাকী চৰিত্ৰহে! প্ৰীতি গোটেই চিৰিজখনতে সহজ অভিনয়েৰে ভাল লগা হৈ থাকিল ঈৰ্ষা, বন্ধুত্ব আৰু প্ৰেমৰ সূতাৰে দুদোল্যমান হৈ। কুইন শিৱম ব্যতিক্ৰমী ষ্টাইলত জিলিকি উঠাতো কেৱল বাহ্যিক ব্যতিক্ৰমেই নহয়। এয়া যে কাহিনীৰ দাবীও সেয়া শেষৰ ফাললৈ স্পষ্ট হৈছে।

কৌশিক নাথৰ মঞ্চ আৰু কেমেৰা দুয়োটা কামেই ভাল। ইয়াতো সেয়া দেখিবলৈ পোৱা গ'ল। প্ৰণৱ ভৰালী যে এজন ভাল অভিনেতাও প্ৰমাণ পোৱা গ'ল। প্ৰতিটো চৰিত্ৰৰ দৰে নিজা চৰিত্ৰটোও তেওঁৰ মনত সোমাই আছিল। দীপ জ্যোতি, প্ৰয়াস ফুকন, কংকন তালুকদাৰ, জিতুল ৰাজবংশী, মতিউৰ ৰহমান, নিৰূপম কোঁচ আৰু নাম নাজানিলেও প্ৰতিটো চৰিত্ৰৰ অভিনয় মনত ৰৈ যোৱা বিধৰ।

বিজয় শংকৰ শইকীয়াৰ মৃত্যু সঁচাই খুব হতাশজনক। ক'ব পাৰি এটা বহুমুখী প্ৰতিভা হেৰাই গ'ল। কৃষ্ণচূড়াত কেইটামান মুহূৰ্ততে তেওঁ দৰ্শকক আবেগিক কৰি গ'ল। এই চেগতে প্ৰতিজন প্ৰকৃত শিল্পীলৈ নমন। কৃষ্ণচূড়া ফুলি থাকক।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in