Advertisment

আত্মপক্ষ সমৰ্থনত এষাৰ...

অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰায়ৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
আত্মপক্ষ সমৰ্থনত এষাৰ...

অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰায়ৰ সৃষ্টি হৈছে। আনকি এই নিযুক্তিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগেই স্বয়ং গীতাশ্ৰী তামুলীয়ে নিজেই তেওঁৰ নিযুক্তিৰ বিষয়ৰ সততাক প্ৰমাণ কৰিবলৈ তগন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁৰ নিযুক্তিৰ প্ৰসংগক ৰাজনীতিৰ মাজলৈ টানি আনি যিদৰে আক্ৰমণ কৰা হৈছে সেই প্ৰসংগতে নিজৰ সততাৰ পৰিচয় দাঙি ধৰি ড০ তামুলীয়ে তদন্তৰ পত্ৰ প্ৰেৰণ কৰিও আত্মপক্ষৰ সমৰ্থনত এক চমু লেখা লিখিছে। সেই লেখাকে এইবাৰ মোৰ মত শিতানত তুলি ধৰা হ'ল। 

Advertisment

বি বৰুৱা কলেজত মোৰ (গীতাশ্ৰী তামুলীৰ? নে অখিল গগৈৰ পত্নীৰ?) নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাচত নিযুক্তিৰ সমগ্র প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্য মন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ। এই আবেদন-পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি/সদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই। মই ৰৈ আছোঁ।

এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী, সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ-অনুজ ব্যক্তি, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্বৎ মহলৰো বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে, সেই সকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলোঁ।

মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলোঁ। যিহেতুকে, স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজে শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে, গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে।

ময়ো জানিব বিচাৰোঁ, চৈধ্য বছৰৰ পাচত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈয়ে কিবা অনিয়ম হৈছিল নেকি? অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগ’ল কিয়? কিয় মোক পাশাখেলৰ গুটি সজোৱা হ’ল?

ৰাজনীতিৰ পক্ষ-বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ। অভিযুক্ত। কিন্তু কি কৰিছিলোঁ? এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম। আজি আছোঁ, কাইলৈ নাই। মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয়।

 

গীতাশ্ৰী তামুলীৰ শৈক্ষিক অৰ্হতা

ড০ গীতাশ্ৰী তামুলীৰ বি বৰুৱা মহাবিদ্যালয়ত হোৱা নিযুক্তি সন্দৰ্ভত বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁৰ বায় ডাটা। বি বৰুৱা মহাবিদ্যালয়ৰ ৱেব ছাইটত উপলব্ধ এই বায় ডাটাত উল্লেখ আছে তেওঁৰ শৈক্ষিক কৃতিত্ব সমূহ।

১৯৮৫ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ড০ তামুলীয়ে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অসমীয়াত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগ লাভ কৰিছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগতে স্নাতকোত্তৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰাৰ লগতে স্বৰ্ণ পদকো অৰ্জন কৰিছিল। লাভ কৰিছিল বাণীকান্ত কাকতি সোঁৱৰণী পদক।

ইয়াৰ পাছত তেওঁ ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত দ্বিতীয় বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছিল। ২০০১ চনতে তেওঁ সম্পন্ন কৰিছিল পি এইছ ডিও। তলত তেওঁৰ সেই বায় ডাটা- 

আত্মপক্ষ সমৰ্থনত এষাৰ...

ড০ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ মোৰ মত